NORTHEAST NOW (Assamese)

দায়িত্বজ্ঞানহীন ছেবা: বিজ্ঞানত ৬৭ নম্বৰ পোৱা ছাত্ৰীৰ পুনৰীক্ষণত ওলাল ৯৯ নম্বৰ; ৰাজ্যৰ ভিতৰতে লাভ কৰিলে ষষ্ঠ স্থান

July 15, 2022 7:07 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
Updated: July 15, 2022 7:15 pm

অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাৰ দায়িত্বজ্ঞানহীন কৰ্মকাণ্ডৰ ঘটনা কোনো নতুন কথা নহয়। প্ৰায়েই কিছুমান আজৱ কাণ্ডৰ বাবে কঠোৰ নিন্দাৰ সন্মুখীন হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈও হেতালি খেলি আহিছে শিক্ষা পৰিষদটেৱে।

এইবাৰ পুনৰ ছেবাৰ এনে গাফিলতিৰ তথ্য পোহৰলৈ আহিছে। যোৱা ৭ জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলে ছেবাই। সেই ফলাফল অনুসৰি শিৱসাগৰৰ প্ৰাৰ্থনা দত্ত নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল।

অন্য বিষয় সমূহত আশানুৰূপ ফল লাভ কৰিছিল যদিও প্ৰাৰ্থনাই সাধাৰণ বিজ্ঞানত লাভ কৰা নম্বৰক লৈ সুখী হোৱা নাছিল। সেই বাবেই পুনৰীক্ষণৰ বাবে আবেদন কৰে পৰীক্ষাৰ্থী গৰাকীয়ে আৰু পুনৰীক্ষণত ছেবাৰ গাফিলতিৰ উন্মোচন কৰি ৰাজ্যৰ ভিতৰতে লাভ কৰে ষষ্ঠ স্থান।

পুনৰীক্ষণত ষষ্ঠ স্থান লাভ কৰা প্ৰাৰ্থনা দত্ত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত দশম স্থান লাভ কৰিছিল দেৱীস্তুতি হাজৰিকা নামৰ ছাত্ৰী গৰাকীয়ে।

পূৰ্বে ঘোষিত ফলাফলত সাধাৰণ বিজ্ঞানত মাত্ৰ ৬৭ নম্বৰ পোৱা বাবেই স্থান লাভৰ পৰা বঞ্চিত হৈছিল প্ৰাৰ্থনা। দৃঢ়মনা মেধাৱী ছাত্ৰীগৰাকীয়ে আত্মবিশ্বাসেৰে বহী পুনৰীক্ষণ সিদ্ধান্ত লৈছিল।

অৱশেষত সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভৰ পাছতেই ৰাজ্যৰ ভিতৰতে ষষ্ঠস্থান লাভ কৰা বুলি ঘোষণা কৰে ছেবাই।

মেধাবী ছাত্ৰী প্ৰাৰ্থনা দত্ত শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা। মাত্ৰ তিনিবছৰ বয়সতে পিতৃক হেৰুওৱা ছাত্ৰী গৰাকীৰ শেহতীয়া এই সফলতাত পৰিয়াল তথা অধ্যয়ন কৰা বিদ্যালয়খনত আনন্দৰ জোৱাৰ।

একে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ছেবাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

Related News