NORTHEAST NOW (Assamese)
অসম

মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰক, উচ্চতম ন্যায়ালয়ত আবেদন অসমৰ ছাত্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2021 5:25 pm
exa

ক’ৰ’নাতংকৰ বাবে সময় অনুসৰি অনুষ্ঠিত নোহোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পৰিস্থিতি উন্নত হ’লেই চাৰিটা বিষয়ৰে হ’লেও অনুষ্ঠিত কৰা হ’ব বুলি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰি আহিছে।

ইয়াৰ মাজতে মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে অসমৰ একাংশ ছাত্ৰই।

দিল্লীত অসমৰ ছাত্ৰসকলৰ ন্যায়িক যুদ্ধত সহায় কৰি থকা অধিবক্তা অভিষেক চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক নিৰ্দেশ দিবলৈ আহ্বান জনাই অসমৰ ছাত্ৰসকলে অধিবক্তা মঞ্জু জেটলীৰ জৰিয়তে আদালতত আবেদন জনাইছে।

এইক্ষেত্ৰত অসমৰ ছাত্ৰসকলক আইনী সহায় আগবঢ়াইছে অধিবক্তাসকল ক্ৰমে অভিষেক চৌধুৰী,প্ৰভু প্ৰসন্ন বেহেৰা, ৰীতা ৰিতু,অভিষেক পাটনায়ক আৰু নবাব সিঙে।ুচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন খনত অসমৰ ছাত্ৰসকলে এইবুলি কৈছে যে ১ জুলাইৰ পৰা অসমত কোভিড পজিটিভিটিৰ হাৰ কমি যাব বুলি কোনো কথা নাই।

কোভিড পজিটিভিটি এনে এক বিষয় যি ২৪ ঘণ্টাৰ ভিতৰতে পৰিৱৰ্তন ঘটিব পাৰে।তদুপৰি চিবিএছই, চিআইএছই আদিৰ দৰে বোৰ্ডে ক’ৰ’নাতংকৰ বাবেই শিক্ষাৰ্থীৰ কথা চিন্তা কৰি পৰীক্ষা বাতিল কৰিছে যদিও অসমত মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পাতিবলৈ চৰকাৰ বদ্ধপৰিকৰ হৈ আছে।

এনেকাৰ্যই অসমৰ পৰীক্ষাৰ্থীসকলক সংবিধান প্ৰদত্ত সমতাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলিও শিক্ষাৰ্থীসকলে মন্তব্য কৰিছে।

উল্লেখ্য ভয়াৱহ কোভিড পৰিস্থিতিৰ বাবেই CBSE ৰ অধীনৰ মেট্ৰিক পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে।

তেনে পৰিস্থিতিত অসমত SEBA আৰু AHSEC য়ে পৰীক্ষা অনুষ্ঠিত কৰিব নে নাই তাক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ঘোষণা কৰিছিল ‘ৰাজ্যত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’বই।‘

অসমৰ শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে কৈ আহিছে যে ৰাজ্যিক পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাসমূহ ৰাজ্যখনত কোভিড-১৯ পৰিস্থিতি উন্নত হ’লে পৰিৱৰ্তিত পদ্ধতিত অনুষ্ঠিত হ’ব।

ইপিনে, ৰাজ্যত কোভিড পৰিস্থিতি ‘প্ৰায় স্বাভাৱিক’ পৰিস্থিতিত উপনীত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কৈছিল ‘পৰিস্থিতি উন্নত হোৱাৰ পিছত শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সাজু হৈছে।‘

পেগুৱে লগতে কৈছিল যে পৰীক্ষা বাতিল কৰিলে সমস্যাটো সমাধান কৰিব পৰা নাযাব।
বহু শিক্ষাৰ্থীৰ বাবে, মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ মাৰ্কশ্বীট তেওঁলোকৰ কেৰিয়াৰত গুৰুত্বপূৰ্ণ বুলিও শিক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল।