NORTHEAST NOW (Assamese)
অসম

২২মাৰ্চৰ চাহ বাগিচা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 21, 2021 6:26 am
IndiaTv9e508c_Assam-set-up-pa41761

অহা ২২ মাৰ্চত চাহ বাগিচা বন্ধ কাৰ্যসূচী বাতিল কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)।

চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীৰে এই বন্ধ কাৰ্যসূচী হাতত লৈছিল সন্থাই।

কিন্তু এই বিষয়টো মালিক পক্ষ আৰু সন্থাৰ গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বাবে সাময়িকভাৱে এই কাৰ্যসূচী স্থগিত ৰাখে চাহ জনজাতি ছাত্ৰ সন্থাই।

এই সন্দৰ্ভত শনিবাৰে বোকাখাতত এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত হৈছিল।

বৈঠকৰ অন্তত সন্থাৰ বোকাখাত জিলা কমিটিৰ বিষয়ববীয়া সুশীল কালিন্দীয়ে নৰ্থ ইষ্ট নাওৰ আগত কয়, “যিহেতু আদালতত গোচৰটো চলি আছে সেয়েহে যদি আমি বন্ধটো দি দিওঁ তেন্তে চাহ বাগিচাৰ মালিকে আমাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি পুনৰ গোচৰ তৰিব পাৰে বা অন্য কোনো যাতে খেলি মেলি কৰিব নোৱাৰে, তাৰ বাবে এই বন্ধটো উঠাই লোৱা হৈছে।”

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ কেবিনেটে চাহ শ্ৰমিকৰ মজুৰি ২১৭ টকালৈ বৃদ্ধি কৰাৰ পাছতে ইয়াৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ত এক গোচৰ দিছিল।

এই গোচৰৰ ভিত্তিতে মালিক পক্ষৰ বিৰুদ্ধে তথা চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী তুলি চাহ জনজাতি ছাত্ৰ সন্থাই এক গোচৰ দিছিল। দুয়োটা গোচৰ বৰ্তমানো বিচাৰাধীন বুলি কালিন্দীয়ে জানিবলৈ দিয়ে।