NORTHEAST NOW (Assamese)

মাত্ৰ ৩০ টকা বৃদ্ধি চাহ শ্ৰমিকৰ মজুৰি: চৰকাৰৰ সিদ্ধান্তক শ্ৰমিক বিৰোধী আখ্যা প্ৰতিবাদী সংগঠনৰ

March 1, 2026 3:55 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৩০ টকাকৈ বৃদ্ধি কৰাৰ শেহতীয়া সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু অসম আদিবাসী যুৱ-ছাত্ৰ সন্থাই (আইছা)। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ শ্ৰমিকৰ বাবে মজুৰি ২৮০ টকা আৰু বৰাক উপত্যকাৰ বাবে ২৫৮ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু এই সামান্য বৃদ্ধিয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় দলে প্ৰতিশ্ৰুতি দিয়া ৩৫১ টকাৰ লক্ষ্য স্পৰ্শ কৰিবলৈ সক্ষম নোহোৱাত চাহ জনজাতীয় সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

উল্লেখ্য যে মজুৰি বৃদ্ধিৰ এই ঘোষণাৰ পূৰ্বে ৰাজ্য চৰকাৰ, চাহ বাগিচাৰ শ্ৰমিক ইউনিয়ন আৰু মালিকপক্ষৰ মাজত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। চৰকাৰে নতুন শ্ৰম বিধি বলৱৎ হোৱাৰ পিছত চূড়ান্ত মজুৰি নিৰ্ধাৰণ কৰা হব বুলি আশ্বাস প্ৰদান কৰিছে যদিও ইয়াক ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি আখ্যা দিছে প্ৰতিবাদী সংগঠনসমূহে। সংগঠন দুটাৰ মতে, বৰ্তমানৰ মূল্যবৃদ্ধিৰ যুগত এই মজুৰিৰে শ্ৰমিকসকলৰ জীৱন নিৰ্বাহ কৰাটো অসম্ভৱ আৰু এই সিদ্ধান্তই এক উচিত সৰ্বনিম্ন মজুৰি নিশ্চিত কৰাত চৰকাৰৰ ব্যৰ্থতাক প্ৰতিপন্ন কৰিছে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰেজন হৰৱে বৰ্তমানৰ জীৱনধাৰণৰ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি দৈনিক মজুৰি ৫৫১ টকা নিৰ্ধাৰণ কৰাৰ দাবী পুনৰবাৰ উত্থাপন কৰে। তেওঁ চৰকাৰৰ আশ্বাসক সমালোচনা কৰি কয় যে কেৱল ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰে চাহ বাগিচাৰ শ্ৰমিকসকলে জীয়াই থাকিব নোৱাৰে। সাম্প্ৰতিক মুদ্ৰাস্ফীতিৰ সময়ত ৫৫১ টকাতকৈ কম যিকোনো মজুৰি অন্যায়, শোষণমূলক আৰু অমানৱীয় বুলি তেওঁ মন্তব্য কৰে। হৰৱে লগতে কয় যে চৰকাৰৰ পূৰ্বৰ ৩৫১ টকাৰ প্ৰতিশ্ৰুতিয়েও শ্ৰমিকসকলৰ অৰ্থনৈতিক দুৰ্দশা দূৰ কৰিবলৈ যথেষ্ট নহয়। চাহ বাগিচাৰ লোকসকলৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অনগ্ৰসৰতাৰ মূল কাৰণেই হৈছে এই নিম্ন মজুৰি। মৰ্যাদা, উচিত মজুৰি আৰু সাংবিধানিক অধিকাৰ কোনো পুতৌৰ বিষয় নহয় বৰঞ্চ ই মৌলিক অধিকাৰ বুলি উল্লেখ কৰি দাবী পূৰণ নোহোৱা পৰ্যন্ত আছাই আন্দোলন তীব্ৰতৰ কৰিব বুলিও তেওঁ সকীয়াই দিয়ে।

একেদৰে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক শ্ৰমিক বিৰোধী আৰু অন্যায় বুলিও অভিহিত কৰিছে অসম আদিবাসী যুৱ-ছাত্ৰ সন্থাই। সংগঠনটোৱে উল্লেখ কৰে যে এই সামান্য মজুৰি বৃদ্ধিয়ে বাস্তৱ পৰিস্থিতি, বিশেষকৈ বৰ্ধিত মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক সংকটক প্ৰতিফলিত নকৰে। আইছাৰ সভাপতি নিপেন মুণ্ডাই অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে সৰ্বনিম্ন দৈনিক মজুৰি কমেও ৫০০ টকা হব লাগে বুলি দাবী কৰে। তেওঁ লগতে কয় যে চৰকাৰৰ এই সিদ্ধান্ত বৰ্তমানৰ মজুৰি আইনৰ মূল উদ্দেশ্যৰ পৰিপন্থী। অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ চাহ শ্ৰমিক সম্প্ৰদায়ৰ প্ৰতি এই বৃদ্ধি এক চৰম অন্যায় আৰু অপমান বুলি বৰ্ণনা কৰি মুণ্ডাই চৰকাৰক অনতিপলমে মজুৰিৰ গাঁথনি পৰ্যালোচনা কৰিবলৈ দাবী জনায়। সৰ্বনিম্ন দৈনিক মজুৰি ৫০০ টকাতকৈ কম নহবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে এই দাবী মানি নললে সমগ্ৰ ৰাজ্যজুৰি এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

Related News