NORTHEAST NOW (Assamese)
Popular Stories

শিক্ষাৰ্থীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হ’ল শিক্ষক; ফেচবুকত কৰিছিল আপত্তিজনক প’ষ্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 29, 2020 2:53 pm

শুকুবাৰে নিজ কলেজৰ শিক্ষাৰ্থীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হ’ল এজন প্ৰৱক্তা।

শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ এজন অতিথি প্ৰৱক্তাৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে আৰক্ষীক গোচৰ দিয়াৰ পিছত প্ৰৱক্তাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

সৌৰদ্বীপ সেনগুপ্তা নামৰ প্ৰৱক্তাজনে যোৱা শুকুৰবাৰে ফেচবুকত এটা আপত্তিজনক প’ষ্ট দিয়াৰ পিছতে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে তেওঁৰ বিৰুদ্ধে গোচৰ তৰে।

‘সনাতন হিন্দু ধৰ্মক অপমান’ কৰাৰ লগতে ‘তেওঁ সাম্প্ৰদায়িক হিংসা সৃষ্টিৰ প্ৰয়াসেৰে হিন্দু ধৰ্মৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰা’ বুলি মহাবিদ্যালয়খনৰ ১০ গৰাকী শিক্ষাৰ্থীয়ে সেনগুপ্তৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এহাজাৰ দাখিল কৰিছিল।

আৰু উক্ত গোচৰৰ ভিত্তিতে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

কাছাৰৰ আৰক্ষী অধীজক্ষক গৰাকীয়ে কয় যে ‘যোৱা শুকুৰবাৰে ফেচবুকত সমাজ বিৰোধী প’ষ্ট দিয়াৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।’

ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৫ (এ’) আৰু ৬৬ (আই টি এক্ট)ৰ অধীনত সাদাৰ আৰক্ষী থানাই প্ৰৱক্তাজনক গ্ৰেপ্তাৰ কৰে।

প্ৰৱক্তা সেনগুপ্তই উত্তৰ পূৱ দিল্লীৰ হিংসাক দেশৰ ৰাজধানীত ২০০২ চনৰ গুধ্ৰা কাণ্ডৰ পুনৰ সংঘটিত কৰিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰিছিল। যিটো প’ষ্ট তেওঁ পিছত ফেচবুকৰ পৰা দিলিট কৰি দিয়ে।

অৱশ্যে পিছত প্ৰৱক্তা সেনগুপ্তাই ক্ষমা বিচাৰি আন এক প’ষ্টত কয় যে ‘মোৰ প’ষ্টে কোনো ধৰ্মৰ লোকৰ ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ বাবে ক্ষমা বিচাৰিছো।’

আজি প্ৰৱক্তাজনক আদালত হাজিৰ কৰোৱা হৈছে।

আনফালে প্ৰৱক্তাজনৰ পৰিয়ালৰ লোকে কয় যে মহাবিদ্যালয়খনৰ ৪০ জনমান ছাত্ৰই তেওঁলোকৰ ঘৰলৈ আহি ‘জয় শ্ৰী ৰাম ধ্বনি’ দি হূলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

আনকি পৰিয়ালৰ লোকে অভিযোগ কৰে যে ছাত্ৰসকলে প্ৰৱক্তজনৰ মাতৃকো পুত্ৰৰ এনে আচৰণৰ বাবে জগৰীয়া কৰি হুলস্থুল কৰে।