NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ যুৱকে প্ৰস্তুত কৰি উলিয়ালে পি পি ই কিট; অৰ্পন কৰিলে জিলা উপায়ুক্তৰ হাতত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2020 8:42 pm

চানফু ৱাংচু নামৰ অৰুণাচল প্ৰদেশৰ লংদিং জিলাৰ ল’কখো গাঁৱৰ এজন ২৫ বছৰীয়া যুৱকে ক’ৰ’না আক্ৰান্ত সকলক চিকিৎসা আগবঢ়াই অহা চিকিৎসা কৰ্মীসকলৰ বাবে নিজে পাৰ্চনেল প্ৰটেকশ্যন কিট (পি পি ই)প্ৰস্তুত কৰি উলিয়াই জিলা উপায়ুক্ত চেষ্ঠা যাদৱৰ হাতত অৰ্পন কৰে।

বজাৰত উপলব্ধ হোৱা প্লাষ্টিক আৰু অন্যান্য সামগ্ৰীৰে যুৱকজনে চিকিৎসা কৰ্মীসকলৰ বাবে পি পি ই কিট প্ৰস্তুত কৰি উলিয়াইছে।
ইয়াৰ পূৰ্বেও ৱাংচুৱে তেওঁৰ জিলাখনৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ টিউচন কৰাৰ বাবে সংবাদ শিৰোনামা দখল কৰিছিল।

ৱাংচুৱে জিলা উপায়ুক্ত গৰাকীৰ হাতত নিজে প্ৰস্তুত কৰা পি পি ই কিটৰ উপৰিও ১৫০ খন মাস্কো অৰ্পন কৰে।

‘‘মই অৰুণাচল প্ৰদেশৰ যুৱপ্ৰজন্ম, স্বেচ্ছাসেৱী সংস্থা আৰু সামাজিক সংস্থাসমূহৰ ক’ৰ’নাৰ বিৰুদ্ধে দেখুওৱা সজাগতামূলক পদক্ষেপক লৈ সন্তুষ্ট আৰু উৎসাহী হৈছো,’’ জিলা উপায়ুক্ত গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজাৰ বাবে বিভিন্ন সংস্থাৰ লগতে আই আই টি সমূহে নিজৰ উদ্ভাৱনেৰে চৰকাৰক প্ৰশাসনলৈ সহায়ৰ হাত আগবঢ়াই আহিছে।