NORTHEAST NOW (Assamese)
অসম

দুধনৈ আৰক্ষীৰ বৃহৎ সাফল্য: গাড়ী চুৰি চক্ৰ উৎখাত, ভুৱা নথি-পত্ৰকে ধৰি উদ্ধাৰ ৩খন বাইক

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা June 6, 2021 7:14 am
Dudhnoi Thief racat

গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলা এক অভিযানত ৰংজুলিৰ কানকাটাৰ পৰা আটক কৰা হৈছে গাড়ী চুৰি চক্ৰৰ মূল নায়ক আব্দুল বাৰিক (২৯) নামৰ যুৱক জনক ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে আব্দুল বাৰিকে ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলতে নিয়ন্ত্ৰণ কৰিছিল গাড়ী চুৰি চক্ৰৰ কাৰ্যকলাপ ৷

ইতিমধ্যে আৰক্ষীয়ে ধৃত আব্দুল বাৰিকৰ ঘৰৰ পৰা আৰক্ষীয়ে চুৰি গাড়ী সমূহত ভুৱা নম্বৰ প্লেট, কাগজ পত্ৰ আদিকে ধৰি বহু আপত্তি জনক সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়৷

উদ্ধাৰ কৰা সামগ্ৰী সমূহ হল- দুখন পালচাৰ বাইক, এখন বিলাসী ‘জাভা’ দুচকীয়া বাহন, বাইক তথা বিভিন্ন বাহনৰ ভুৱা পঞ্জীয়ন পত্ৰ আৰু ভুৱা পান কাৰ্ড বনোৱা লেপটপ এটা, ভুৱা পঞ্জীয়ন নাম্বাৰ প্লেট ২৬ খন, প্ৰিন্টাৰ ২ দুটা, স্কেনাৰ এটা, গেছ কাটিং গ্লো পাইপ, গেছ পাইপ, বাহনৰ  মূল ইঞ্জিন নাম্বাৰ আঁতৰাই ভুৱা ইঞ্জিন নাম্বাৰ তৈয়াৰ কৰা ৬৩ টা সামগ্ৰী, বাইকৰ তেল টেংকীৰ লক ৪ টা, হেণ্ডেল লক ৪  টা, ছিট লক ৬ টা, গেছ কাটাৰ মিটাৰ আৰু ৰেগুলেটৰ, চুৰি কাণ্ডত ব্যৱহাৰ কৰা বৃহৎ পৰিমাণৰ টুল কীটছ উদ্ধাৰ কৰে।

আব্দুল বাৰিকে ৰাজ্যৰ বিভিন্ন জিলাৰ ভুৱা পঞ্জীয়ন নম্বৰ প্লেট তথা বাহনৰ ভুৱা কাগজপত্ৰ প্ৰস্তুত কৰাৰ বাবে এক কথাত ঘৰতে ভুৱা পৰিবহন কাৰ্যলয় গঢ়ি তুলিছিল য’ত চুৰি বাইক সমূহৰ ৰং, নম্বৰ প্লেট, ইঞ্জিন নম্বৰ, পঞ্জীয়ন পত্ৰ সলনি কৰি সম্পূৰ্ণ নতুন ৰূপ দি বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিছিল ৷

ইতিমধ্যে আব্দুল বাৰিকে বাইক চোৰৰ অপৰাধত কাৰ্বি আংলং জিলাৰ মানজা থানাৰ আৰক্ষীৰ হাতত আটক হৈ জেল খাটিছিল।

এই বাইক চোৰৰ চক্ৰ বৰপেটা জিলাৰ বিভিন্ন অঞ্চলতো সিঁচৰিত হৈ আছে বুলি জানিবলৈ দিয়ে গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক পি ভি ভি আৰ ৰেড্ডীয়ে।

দুধনৈ আৰক্ষী থানাত শনিবাৰে আয়োজিত এক সংবাদ মেলত এই বাইক চোৰৰ চক্ৰৰ কথা উল্লেখ কৰাৰ লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে জনায় যে আব্দুল বাৰিকৰ স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যেই চুৰি চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো লোকক আটক কৰিছে।

অৱশ্যে, আৰক্ষীয়ে তদন্তৰ খাতিৰত সংবাদ মাধ্যমত সৱিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।