NORTHEAST NOW (Assamese)

কাজিৰঙাৰ পৰা ওলাই আহিল বনৰজা; বোকাখাতত কাৰ্ফিউ জাৰি

June 13, 2024 2:39 pm · এন ই নাও নিউজ, গুৱাহাটী

গোলাঘাট জিলাৰ বোকাখাত অঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটা বাঘ ওলাই অহাৰ পাছতে কাৰ্ফিউ জাৰি কৰা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জাপৰি পথাৰ অঞ্চলৰ মানুহ বসতিপ্ৰধান অঞ্চলৰ সমীপত বাঘটো বিচৰণ কৰি থকা দেখা গৈছে।যদিও কোনোধৰণৰ আক্ৰমণ বা আহত হোৱাৰ খবৰ পোৱা নাই তথাপিও প্ৰশাসনে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সাৱধানতা অৱলম্বন কৰিছে।

জিলা দণ্ডাধীশে গোলাঘাটৰ বোকাখাতৰ জাপৰি পথাৰ, আহোমগাঁও, শুকানী গাঁও, আৰু বৰিগাঁৱত চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰে৷এই অঞ্চলসমূহত মানুহ-বন্যপ্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ কম কৰিবলৈ এই অঞ্চলসমূহত চলাচল নিষিদ্ধ কৰা হৈছে। জৰুৰীকালীন অৱস্থা নহ’লে বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।বন বিভাগৰ বিষয়াসকলে বৰ্তমান বাঘটোক নিৰাপদে স্থানান্তৰিত কৰিবলৈ বিচাৰিছে।

Related News