NORTHEAST NOW (Assamese)
অসম

অচল দুলীয়াজানস্থিত নীপকো; ৰাজ্যত তীব্ৰ বিদ্যুৎ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ February 18, 2019 10:09 am
অচল দুলীয়াজানস্থিত নীপকো; ৰাজ্যত তীব্ৰ বিদ্যুৎ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা

অসমৰ লগতে কেইবাখনো ৰাজ্যত অচিৰেই তীব্ৰ বিদ্যুৎ নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। যিহেতু ১৬ ফেব্ৰুৱাৰিৰ বিয়লিৰ পৰা দুলীয়াজান বকুলনিস্থিত অসম গেছভিত্তিক শক্তি প্ৰকল্প চমুকৈ নীপকো বন্ধ হৈ আছে।

অইল ইণ্ডিয়া লিমিটেডে কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ নীপকোলৈ যোগান ধৰি থকা গেছ হঠাৎ বন্ধ কৰি দিয়ে। ফলত প্ৰকল্পটোৰ উৎপাদন বন্ধ হৈ আছে। এই কথা নীপকোৰ এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

বৰ্তমান নীপকোৰ মুঠ ৯ টা টাৰ্বাইনৰ ভিতৰত গেছৰ অভাৱত ৩ টা টাৰ্বাইন বন্ধ হৈ আছে। উল্লেখযোগ্য যে নীপকোক বিদ্যুৎ উৎপাদন কৰিবলৈ ১.৪ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ অইল ইণ্ডিয়া লিমিটেডে যোগান ধৰিব লাগে যদিও আজি কেইবাদিনৰ পৰা প্ৰয়োজনীয় গেছ যোগান ধৰিব পৰা নাছিল।

বৰ্তমান শেহতীয়াকৈ অইল ইণ্ডিয়াই গেছৰ যোগান বন্ধ কৰি দিয়াত নীপকো অচল হৈ পৰিছে আৰু সন্মুখীন হ’ব লগীয়া হৈছে এক বৃহৎ পৰিমাণৰ ক্ষতিৰ। গতিকে সম্পূৰ্ণৰূপে নীপকো বন্ধ হৈ পৰিলে অসমৰ লগতে কেইবাখনো ৰাজ্যত তীব্ৰ বিদ্যুতৰ নাটনিয়ে দেখা দিব।