NORTHEAST NOW (Assamese)
অসম

পোৱা গ’ল বিশ্বৰ বৃহৎ প্ৰজাতিৰ নতুন ফুলৰ সন্ধান; দেখি মুগ্ধ, বিস্ময়ত হতবাক দৰ্শক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2020 12:42 pm
thebloomofth

ইন্দোনেছিয়াৰ সংৰক্ষণবিদসকলে দাবী কৰিছে যে তেওঁলোকে বিশ্বৰ এতিয়ালৈকে বৃহৎ প্ৰজাতিৰ যাক বিশ্বৰ আটাইতকৈ ডাঙৰ ফুল বুলি ক’ব পৰা যায় তাৰ সন্ধান পাইছে।

ৰাফ্লেছিয়া বিশ্বৰ আটাইতকৈ ডাঙৰ ফুল হিচাপে পৰিচিত। দক্ষিণ পূব এছিয়াৰ বৰ্ষাৰণ্যত ইয়াক দেখা যায়।

অৱশ্যে, প্ৰকৃতিৰ অন্যতম আকৰ্ষণীয় এই ফুলবিধে মন কাঢ়ি নিলেও আতংকৰো সৃষ্টি কৰে। কিয়নো ই হৈছে পৰজীৱী হোৱাৰ লগতে তাৰ অৱয়বো অতি বৃহৎ।

শেহতীয়াকৈ ইন্দোনেছিয়াত তুয়ান মুয়াদ নামৰ এক প্ৰজাতিৰ ফ্লেছিয়াৰ আকৃতিৰ ফুলে সকলোকে চমকিত কৰি তুলিছে।

শিহৰণকাৰী কথাটো হ’ল যে মানুহৰ মৃতদেহ গেলি পচি যোৱা এটুকুৰা স্থানত ফুলটো ফুলাৰ ৭ দিন পাছত সৰিও পৰে। পিচে, ইয়াৰ পূৰ্বেই তুয়ান মুয়াদ সৰ্বত্ৰ ভাইৰেল হৈ পৰে।

ইন্দোনেছিয়াৰ বৰ্ষাৰণ্যত বিগত সপ্তাহত এটি বৃহাদাকাৰৰ উজ্জ্বল কমলা বৰণৰ ফুল দেখি স্থানীয় লোকসকল আচৰিত হৈ পৰে। কাষলৈ গৈ তেওঁলোক আৰু আচৰিত হৈ পৰে যেতিয়া দেখে যে তেওঁলোকে ধাৰণা কৰাতকৈয়ো অধিক ডাঙৰ সেই ফুলপাহ।

ফুলপাহৰ মাজৰ ভাগ কমেও ১১৭ ছেন্টিমিটাৰ ওখ। ইমান প্ৰকাণ্ড ৰাফ্লেছিয়া পূৰ্বে ক’তো দেখা যোৱা নাই।

কোনো মানুহৰ মৃতদেহ তাত পচি গলি যোৱা ঠাই টুকুৰাতেই ফুলপাহ ফুলি উঠিছিল।

উদ্বিদ বিজ্ঞানীসকলৰ মতে ৰাফ্লেছিয়া সাধাৰণতে এনেকুৱা দুৰ্গন্ধযুক্ত স্থানতেই হয়। ইয়াৰ সৌন্দৰ্যত মুগ্ধ হৈ মৌমাখি তথা আন পতঙ্গ উবুৰি খাই পৰে।

এই ফুলবিধ পৰজীৱী হোৱাৰ উপৰিও ক্ষণজীবীও হয়। মাত্ৰ ৭ দিনৰ ভিতৰতে ইন্দোনেছিয়াৰ এই তুয়ান মুয়াদ সৰি পৰে।

সেইকেইটা দিন অৱশ্যে যিয়ে যিমান পাৰে প্ৰাণ ভৰি চালে তাৰ ৰং-ৰূপ।