NORTHEAST NOW (Assamese)
অসম

বোকাখা়তৰ জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেক গ্ৰেপ্তাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 7, 2020 7:37 pm
Bokakhat Story

ল’কডাউন চলি থকাৰ মাজতে বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ নামৰ সংগঠনটোৰ উপদেষ্টা সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেক আজি গ্ৰেপ্তাৰ কৰে বোকাখাত আৰক্ষীয়ে৷

বোকাখাত আৰক্ষী থানাত পুৰ্বৰে পৰা ৰজু থকা ২০১৮ চনৰ ২৯০ নম্বৰ গোচৰৰ আধাৰত আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰা বুলি বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াই জনায়৷

সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত ৰজু থকা গোচৰ অনুসৰি ভাৰতীয় দণ্ডাবিধি আইনৰ ১০৯, ১৮৮, ৩৫৩ আৰু ৩৪ ধাৰাৰ অধীনত তেওঁলোকক আটক কৰি আজি বোকাখাতৰ আদালতত হাজিৰ কৰোৱা হয়।

আদালতে দুয়োকে আজি জেল হাজোতলৈ প্ৰেৰণ কৰে। জীপাল কৃষক শ্ৰমিক সংঘৰ মতে কাজিৰঙা সমবায় সমিতিত সংঘটিত হোৱা চাউলৰ কেলেংকাৰীৰ বিৰুদ্ধে মাত মতাৰ বাবেই সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেক আটক কৰিছে বোকাখাত আৰক্ষীয়ে।

সমবায় সমিতিখনত সংঘটিত প্ৰায় ৯০০ কুইন্টল চাউলৰ কেলেংকাৰীৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উচ্চ পৰ্যায়ৰ তদন্তৰে ইতিমধ্যেই বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল আৰু ইয়াৰ পাচতেই বোকাখাত থানা চৌহদতেই নেতা দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।