NORTHEAST NOW (Assamese)
অসম

ভূতৰ ওপৰত দানহ: বান বিধ্বস্ত অসমত ২৬-২৯ জুলাইলৈ ধাৰাসাৰ বৰষুণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 2:50 pm
flood 123

ভূতৰ ওপৰত দানহ পৰা দি কালান্তক বানে সৰ্বস্বান্ত কৰা অসমত ২৬ৰ পৰা ২৯ জুলাই পৰ্যন্ত পুনৰ ধাৰাসাৰ বৰষুণে বান পৰিস্থিতিক অধিক ভয়াৱহ কৰি তুলিব।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই আগজাননী।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি অসমকে ধৰি বান বিধ্বস্ত বিহাৰ,উত্তৰাখণ্ড,উত্তৰ প্ৰদেশ,হিমাচল প্ৰদেশ আদি ৰাজ্য সমূহত ২৬-২৯ জুলাইলৈ ধাৰাসাৰ বৰষুণ হ’ব।

অসমৰ ২৭ খন জিলাই এতিয়া বানৰ কৱলত।

বানত শেহতীয়াকৈ মৃত্যু ঘটিছে ৯৬ গৰাকী লোকৰ।

২৭ খন জিলাৰ ২৫৪৩ খন গাঁৱত লাখ লাখ লোকে পানীৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে।

বানত ক্ষতিগ্ৰস্ত হৈছে ১২২,৫৭৩ হেক্টৰ কৃষি ভূমি।

এনে সময়তে ভূতৰ ওপৰত দানহ পৰা দি ২৬-২৯ জুলাইলৈ অসমত বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৰা ঘোষণাই চিন্তিত কৰি তুলিছে বানাক্ৰান্তক।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে ২৮-২৯ জুলাইত পঞ্জাৱ আৰু হাৰিয়ানাতো ধাৰাসাৰ বৰষুণ হ’ব।

২৬ জুলাইৰ পৰা অসমত হবলগীয়া বৰষুণৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য কেইখনতো পৰাৰ সম্ভাৱনা আছে।