NORTHEAST NOW (Assamese)
Popular Stories

সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ আকাশচুম্বী উছাহ : সৰ্বকালৰ অভিলেখ ভংগ ‘দিল বেচেৰা’ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 2:24 pm
dil-bechara1

বলিউদৰ সদ্য প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ আকাশসম উছাহে গঢ়িলে এক নতুন ইতিহাস।

কালি সন্ধিয়া অ’টিটি প্লেটফৰ্মত সুশান্ত সিং ৰাজপুতৰ অন্তিমখন চিনেমা দিল বেচেৰা -ক মুক্তি দিয়া হয়।

ছবিখনে মুক্তি লাভ কৰাৰ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে গঢ়িছে অ’টিটি প্লেটফৰ্মত সৰ্বকালৰ অভিলেখ।

IMDb (Internet Movie Database)ৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িছে দিল বেচাৰা-এ।

উল্লেখ্য যে, দিল বেচেৰা-এ কেৱল বলিউদ তথা ভাৰতীয় চিনেমাৰে অভিলেখ ভংগ কৰা নাই, হলিউদৰ চিমেৰা ৰেটিঙৰ অভিলেখো মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে ভংগ কৰিছে।

খবৰ অনুসৰি আজিলৈকে মুক্তি লাভৰ মাত্ৰ তিনি ঘণ্টাৰ ভিতৰত কোনো ছবিয়েই IMDbৰ ইমান হাই-ৰেটিং লাভ কৰা নাছিল।

মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে দিল বেচেৰাই IMDb ৰেটিঙত ১০ ভিতৰত ১০ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে IMDbৰ টপ ৰেটেড ভাৰতীয় ছবিখন আছিল কমল হাছান আৰু আৰ মাধৱনৰ ২০০৩ বৰ্ষৰ তামিল ছবি আনবে শিৱম

ইফালে দিল বেচেৰা-এ সৰ্বকালৰ অভিলেখ ভংগ কৰি লাভ কৰা এই অভাৱনীয় IMDbৰ ৰেটিঙক একাংশই সমালোচনা কৰাও দেখা গৈছে।

সমালোচকসকলে আৱেগৰ ঢলেৰে ছবিৰ ৰেটিং কেনেকৈ নিৰ্ণয় কৰিব পাৰি বুলিও মন্তব্য কৰিছে।