NORTHEAST NOW (Assamese)
Popular Stories

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিয়োগ; ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, ৰাহুল গান্ধীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2020 6:46 pm
প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিয়োগ; ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, ৰাহুল গান্ধীৰ শোক প্ৰকাশ

অসমৰ তিনিবাৰৰ মুখ্য মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত বিয়লি ৫.৩৪ বজাত ইহলীলা সম্বৰণ কৰে।

এই দুখজনক খবৰ বিয়পি পৰাৰ পিছতে প্ৰধান মন্ত্ৰী মোদীয়ে টুইটযোগে শোকপ্ৰকাশ কৰা পৰিলক্ষিত হয়।

প্ৰধান মন্ত্ৰী মোদীয়ে টুইটযোগে কয়, ‘তৰুণ গগৈ ডাঙৰীয়া এগৰাকী জনপ্ৰিয় আৰু জ্যেষ্ঠ প্ৰশাসক, তেওঁৰ অসম তথা কেন্দ্ৰত বহু বছৰীয়া ৰাজনৈতিক অভিজ্ঞতা আছিল। তেওঁৰ মৃত্যুৰ বাতৰিত ব্যাথিত হৈছো। এই দুখজনক সময়ত মই তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ লগত আছো। ওম শান্তি’।

প্ৰধান মন্ত্ৰী মোদীৰ উপৰি কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়েও বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইট কৰিছে।

ৰাহুল গান্ধীয়ে কয়, ‘তেওঁ প্ৰকৃতাৰ্থত এগৰাকী সঁচা কংগ্ৰছ নেতা আছিল। মই তেওঁৰ অনুপস্থিতি অনুভৱ কৰিম। গৌৰৱ আৰু তেওঁৰ পৰিয়াললৈ মোৰ মৰম আৰু সমবেদনা জ্ঞাপন কৰিলো’।

আনহাতে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, গৃহ মন্ত্ৰী অমিত শ্বাহেও তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।