NORTHEAST NOW (Assamese)
অসম

মঙলবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ’ব প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 23, 2020 6:26 pm
মঙলবাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ’ব প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত বিয়লি ৫.৩৪ বজাত পৰলোকপ্ৰাপ্তি ঘটে।

বৰ্তমান প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ তেওঁৰ চৰকাৰী বাসগৃহলৈ লৈ যোৱা হ’ব বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

মঙলবাৰে প্ৰবীণ ৰাজনীতিবিদ গৰাকীৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ’ব।

তৰুণ গগৈৰ অন্তিম সংস্কাৰ গুৱাহাটীতে কৰা হ’ব নে তেওঁৰ গৃহজিলা যোৰহাটত কৰা হ’ব সেই সম্পৰ্কে পৰিয়ালৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ’ব।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্য গৰাকীৰ স্বাস্থ্যৰ দেওবাৰে অধিক অৱনতি ঘটিছিল বুলি চিকিৎসকে প্ৰকাশ কৰিছিল।

শৰীৰত জমা হোৱা অতিৰিক্ত পানী আৰু বিষাক্ত পদাৰ্থ সমূহ বাহিৰ কৰাৰ বাবে ডায়ালাইছিল কৰাৰ পাছতো গগৈৰ শৰীৰে কোনোধৰণৰ সহাৰি দিয়া নাছিল কেবল মাত্ৰ চকু আৰু হৃদপিণ্ডইহে সহাৰি দি আছিল বুলি চিকিৎসকে উল্লেখ কৰিছিল।

তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি জানিব পাৰি পুত্ৰ গৌৰৱ গগৈ, কন্যা আৰু বোৱাৰীয়ো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত উপস্থিত হৈছিল।