NORTHEAST NOW (Assamese)

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুক্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

July 18, 2022 4:30 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ মুক্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছে জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় চৌহদত আজি ২ ঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷

মহানগৰীৰ বিভিন্ন প্ৰাপ্তৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত বৰ্ষাশ্ৰীৰ মুক্তিৰ জোৰদাৰ দাবী কৰি ‘বৰ্ষাশ্ৰীক মুক্তি দিয়ক’, ‘জনগণৰ কণ্ঠ ৰোধ কৰা কাৰ্য নচলিব’, ‘নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰক’, ‘বাকস্বাধীনতাৰ হৰণ নচলিব’ আদি শ্ল’গানেৰে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে৷

তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকাই অভিযোগ কৰে যে বিজেপি চৰকাৰৰ এজন মন্ত্ৰীয়ে আলফাৰ ওচৰত ক্ষমা খুজি আজিও মন্ত্ৰী হৈ থাকিল, কিন্তু এজনী কলেজীয়া ছাত্ৰীক কবিতা লিখাৰ বাবে কাৰাগাৰত বন্দী কৰি থয়৷

কবিতা লিখি যদিহে অপৰাধ কৰিছিল তেন্তে কমবয়সীয়া ছাত্ৰীগৰাকীক কাউন্সিলিং কৰাৰ প্ৰয়োজন আছিল৷ কিন্তু সেয়া নকৰি ছাত্ৰীগৰাকীক কাৰাগাৰত ভৰাই থোৱাটো গণতন্ত্ৰৰ পৰিপন্থী বুলি অভিযোগ কৰে তৃণমূল নেত্ৰীগৰাকীয়ে৷ সেয়েহে তৃণমূল মহিলা কংগ্ৰেছে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক শীঘ্ৰে মুক্তি দিবলৈ আহ্বান জিনাইছোঁ।”

আনহাতে অসম তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ভৱানী কলিতাই কয় যে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক বন্দী কৰি অন্তৰশূন্য মুখ্যমন্ত্ৰীয়ে নিষ্ঠুৰতাৰ পৰিচয় দিছে৷

চৰকাৰৰ মনুষ্যত্বহীনতা, ক্ৰূৰতাপূৰ্ণ আচৰণৰ ফলত এগৰাকী ছাত্ৰীয়ে কাৰাগাৰাত পৰীক্ষাত বহিবলগীয়া হোৱাটোৱে জাতিটোৰ বাবে বিড়ন্বনা বুলিও তেওঁ লগতে উল্লেখ কৰে৷

তেওঁ কয়, “চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ কাৰোবাক পোতাশালত নিক্ষেপ কৰি আভুৱা ভৰা কাৰ্য আৰু পোতাশালত বন্দী কৰি বিজেপিয়ে অতি দৰিদ্ৰ ঘৰৰ সন্তানৰ ভৱিষ্যত ধ্বংস কৰিব খুজিছে।

বিজেপিৰ এনে নিকৃষ্ট কাণ্ডক অসম তৃণমূল মহিলা কংগ্ৰেছে কোনোপধ্যেই মানি নলয় বুলি নেত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত দোহাৰে।

Related News