NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত দুজনকৈ আদিবাসী উগ্ৰপন্থী সদস্য আৰক্ষীৰ জালত

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী October 4, 2019 9:13 pm

আৰক্ষী আৰু চি আৰ পি এফে শুকুৰবাৰে অৰ্থাৎ আজি পুৱা কোকৰাঝাৰ জিলাৰ গোৱাবাৰী অঞ্চলত এক যুটীয়া অভিযান চলাই দুজন আদিবাসী উগ্ৰপন্থী সদস্যক আটক কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ আধাৰত অঞ্চলটোত আদিবাসী উগ্ৰপন্থী থকা বুলি জানিব পাৰি ৰুনিখাতা আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে উক্ত অঞ্চলটোত অভিযান চলাই।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে আটকাধীন আদিবাসী উগ্ৰপন্থীকেইজন হ’ল ক্ৰমে বিষ্ণু হাচদা (২৩) আৰু সুনীল হাচদা (২৮)।

অভিযানকালত আৰক্ষীয়ে সুনীল হাচদাৰ ঘৰৰ পৰা দুটা হস্ত নিৰ্মিত ৰাইফল, দুটা হস্তনিৰ্মিত পিষ্টল, দুটা হস্তনিৰ্মিত বোমা, এটা বেটাৰী আৰু ১০ মিটাৰ দীঘল ইলেক্ট্ৰিক তাঁৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে আটকাধীন আদিবসী উগ্ৰপন্থী সদস্যকেইজন কোনটো গোটৰ সেই কথা বৰ্তমানলৈকে প্ৰকাশ কৰা নাই।

ইয়াৰ পূৰ্বতে ১৪ ছেপ্তেম্বৰটো আৰক্ষী আৰু চি আৰ পি এফে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তত যুটীয়া অভিযান চলাই দুজনকৈ আদিবাসী উগ্ৰপন্থীক আটক কৰিছিল।

আৰু আটকাধীন আদিবাসী উগ্ৰপন্থী সদস্যকেইজন আদিবাসী কোব্ৰা উগ্ৰপন্থী সংগঠনৰ আছিল।