NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ দিচাংমুখত নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ বান সাহায্য বিতৰণ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 30, 2020 12:52 pm
শিৱসাগৰৰ দিচাংমুখত নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ বান সাহায্য বিতৰণ

শিৱসাগৰত নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ প্ৰশংসনীয় কাৰ্য। ক’ৰ’না মহামাৰী আৰু বানপানীৰ বিভিষিকাময় পৰিস্থিতিৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে বেংকটোৱে।

আজি নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ শিৱসাগৰ শাখাই জিলাখনৰ দিচাংমুখৰ বানবিধ্বস্ত অঞ্চল লিগিৰীবাৰী আৰু আলিচিগাৰ প্ৰায় ১৫০ টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান কৰে।

বেংক কৰ্তৃপক্ষই শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰায় ৩০০ টা পৰিয়ালৰ মাজত এই ধৰণে বান সাহায্য বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে।

অহা কাইলৈ অৰ্থাৎ শুকুৰবাৰে শিৱসাগৰৰ পানবেচাৰ লৰাপুতা আৰু বলিয়াঘাটত বান সাহায্য প্ৰদান কৰিব।

আজিৰ এই বান সাহায্য কাৰ্যসূচীত বেংকটোৰ শিৱসাগৰ শাখাৰ মেনেজাৰ শংকৰ প্ৰধান, উজনি অসমৰ শাখাসমূহৰ মনিটৰিং বিষয়া ৰূপম ভাগৱতী, তপন বৰাকে ধৰি বহুকেইজন কৰ্মচাৰী উপস্থিত থাকে।

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ এই কাৰ্যক সকলোৱে শলাগ হৈছে।