NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ ভয়ত আত্মহত্যা কৰিলে ষ্টেট বেংকৰ মহিলা কৰ্মচাৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2021 9:12 am
a girl

দেশত এতিয়া ক’ৰ’ণাৰ আতংক লাহে লাহে কমি আহিছে।

১৬ জানুৱাৰীৰ পৰা দেশজুৰি ক’ৰ’ণাৰ টিকাকৰণো আৰম্ভ হ’ব।

কিন্তু ইমানৰ পিছতো বহু লোক মুক্ত হ’ব পৰা নাই ক’ৰ’ণাৰ আতংকৰ পৰা।

তাৰেই প্ৰমাণ পোৱা গ’ল তেলেংগানাত।

তেলেংগানাৰ কৰিমনগৰস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মহিলা কৰ্মচাৰী বানি।

বানি নামৰ মহিলা বেংক কৰ্মচাৰীগৰাকীৰ প্ৰকৃত ঘৰ হায়দৰাবাদত। যোৱা কিছুদিন ধৰি তেওঁ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ আশংকাত ভুগি আছিল।

ক’ৰ’ণাত আক্ৰান্ত হ’লে তেওঁৰ কি হ’ব, কোনে চোৱা-চিতা কৰিব আদি কথাবোৰকলৈ তেওঁ বিগত কিছুদিন ধৰি উদ্বিগ্ন হৈ আছিল।

সেই উদ্বিগ্নতাৰ পৰিণতিতে অৱশেষত যুৱতীগৰাকীয়ে বাচি লয় আত্মহত্যাৰ পথ।

কৰিমনগৰৰ কাষতে এটা ভাড়া ঘৰত বাস কৰা বানি নামৰ যুৱতীগৰাকীৰ মৃতদেহ তেওঁৰ কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

আত্মহত্যাৰ টোকাত বানিয়ে এইবুলি লিখি থৈ গৈছে যে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ ভয়ে তেওঁক খেদি ফুৰিছে। সেইবাবেই তেওঁ আত্মহত্যাৰ পথ বাচি লৈছে।

তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়।

উল্লেখ্য কিছুদিন পূৰ্বে বানিৰ হায়দৰাবাদত বাস কৰা পিতৃৰ ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল।

তেতিয়াৰে পৰাই যুৱতীগৰাকীৰ মনত ক’ৰ’ণাৰ প্ৰতি ভয় সোমাই গৈছিল।