NORTHEAST NOW (Assamese)
অসম

মঙল গ্ৰহত চহৰ নিৰ্মাণ কৰিব বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2021 8:47 am
Elon mask

অৰ্থ উপাৰ্জনৰ তাগিদাত নিজৰ পিএইচ ডিও অসম্পূৰ্ণ হৈ ৰয় এলন মাস্কৰ। বৰ্তমান তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি। তথাপি নিজৰ কোম্পানীৰ চিইঅ’ হিচাপে তেওঁ বছৰি দৰমহা লয় মাত্ৰ ১ ডলাৰ।

সেই এলন মাস্কে ২০৫০চনৰ ভিতৰত মঙল গ্ৰহত এখন জাকজমকীয়া চহৰ স্থাপনৰ পৰিকল্পনা কৰিছে।

অনলাইন পণ্য সামগ্ৰীৰ বিক্ৰীৰ আন্তৰ্জাতিক প্ৰতিষ্ঠান এমাজনৰ প্ৰতিষ্ঠাপক তথা চিইঅ’ বেজফ বোজোছক পাছ পেলাই এতিয়া বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈছে এলন মাস্ক।

বৰ্তমান মাস্কৰ মুঠ সম্পত্তিৰ মূল্যই ১৮হাজাৰ পাচশ কোটি ডলাৰ অতিক্ৰম কৰিছে। বিশ্বৰ শীৰ্ষ ধনী ব্যক্তি হিচাপে বেজোফে ২০১৭চনৰ পৰা এই খিতাপ ধৰি ৰাখিছিল।

বৃহস্পতিবাৰে ব্লুমবাৰ্গৰ বিলিয়নাৰিৰ ইনডেক্সত প্ৰকাশ পোৱা এই বৰ্ষৰ শীৰ্ষ ৫০০ সম্পদশালী ব্যক্তিৰ তালিকাৰ প্ৰথম স্থানত আছে এইগৰাকী ব্যতিক্ৰমী ধনকুবেৰ এলন মাস্কৰ নাম।

শেহতীয়া হিচাপ অনুসৰি এলন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমান ১২১ বিলিয়ন আমেৰিকান ডলাৰ।

মাস্কৰ এই পৰিমান জেফ বেজোছৰ মুঠ সম্পত্তিৰ পিৰমানতকৈ ৩বিলিয়ন ডলাৰ অধিক।