অসমৰ ভূমি বহিৰাগতক হস্তান্তৰ কৰাৰ বিৰোধীতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’লৰ অধীনত থকা গুৱাহাটীৰ প্ৰায় ৫৮ বিঘা মাটি প্ৰায় ১০০ কোটি টকাৰ বিনিময়ত ৯৯ বছৰৰ বাবে লীজত দিবলৈ সাজু হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আজি এক সংবাদমেল যোগে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ভূমি বহিৰাগতক হস্তান্তৰ কৰাৰ বিৰোধীতা কৰে।
কৃষক মুক্তিৰ কাৰ্যকৰী সভাপতি মুকুট ডেকাই কয় “অসাংবিধানিক প্ৰক্ৰিয়াৰে মাটি বণিয়াক দিব বিচাৰিছে এইখন চৰকাৰে।কেন্দ্ৰীয় চৰকাৰ, ৰে’লৱে কৰ্তৃপক্ষৰ এনে সিদ্ধান্ত কেতিয়াও মানি লোৱা নহব।”
পল্টনবজাৰ, গুৱাহাটী ক্লাব, আমবাৰীৰ ৫৮ বিঘা মাটি ঋষি গুপ্তা, উত্তম বেৰীয়া, অৰুণ বাজাজক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীৰ সাহস আছে যদি এই মাটি ঘূৰাই অনাৰ ব্যৱস্থা কৰক বুলি হুংকাৰ দিয়ে মুকুট ডেকাই।
পৰিত্যক্ত ভূমিত লেণ্ড বেংকৰ জৰিয়তে ভূমি সংৰক্ষণ কৰিব লাগিছিল চৰকাৰে। অসমৰ মাটিক লৈ মুখ্যমন্ত্ৰীয়ে বণিয়াৰ লগত গোপন বুজা বুজি কৰি হস্তান্তৰ কৰাৰ চক্ৰান্ত গঢ়িছে বুলি অভিযোগ কৰে কৃষক মুক্তিয়ে।
দিল্লীৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা পদলেহিত হৈছে আৰু এই বাবে তেওঁৰ মাত মাতিবলৈ সাহস নাই বুলি ডেকাই কয়।