NORTHEAST NOW (Assamese)
দেশ

লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল কৃষক পৰিয়াল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2022 6:19 pm
Lakhimpur Kheri case

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ জামিনক প্ৰত্যাহ্বান জনোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কৃষক পৰিয়াল।

অধিবক্তা প্ৰশান্ত ভূষণৰ জৰিয়তে দাখিল কৰা আবেদনখনত এলাহাবাদ উচ্চ ন্যায়ালয়ে মন্ত্ৰী পুত্ৰৰ বিৰুদ্ধে অত্যধিক প্ৰমাণ থকা স্বত্বেও জামিন মঞ্জুৰ কৰা হৈছে বুলি অভিযোগ কৰা হৈছে।

উচ্চ ন্যায়ালয়ে খেৰী কাণ্ডৰ জঘন্য প্ৰকৃতিৰ কথা বিবেচনা নকৰাকৈ জামিন মঞ্জুৰ কৰিছে বুলি অভিযোগ কৰিছে কৃষক সকলে।

আবেদনখনত উল্লেখ কৰা হৈছে যে কৃষকসকলৰ পৰামৰ্শদাতাই কোনো ধৰণৰ প্ৰাসঙ্গিক তথ্য দাখিল কৰিব পৰা নাছিল আৰু পুনৰ সংযোগ স্থাপনৰ বাবে আদালতৰ কৰ্মচাৰীসকলক বাৰে বাৰে আহ্বান জনোৱাৰ পাছতো কোনো লাভ হোৱা নাছিল।

পুনৰ শুনানিৰ বাবে উচ্চ ন্যায়ালয়ৰ সন্মুখত ভুক্তভোগীসকলে দাখিল কৰা আবেদন নাকচ কৰা হৈছিল বুলিও আবেদনখনত কোৱা হৈছে।

আৱেদনকাৰী কৃষক সকলে কয় যে ৰাজ্য চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ কৰাৰ আদেশৰ বিৰুদ্ধে আপীল দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবে তেওঁলোক শীৰ্ষ আদালতৰ কাষ চাপিবলৈ বাধ্য হয়।

উল্লেখ্য যে যোৱা বছৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকৰ হত্যাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক ১৫ ফেব্ৰুৱাৰীত কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল।

নিম্ন আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পিছত যোৱা সপ্তাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল।