NORTHEAST NOW (Assamese)

ডিমৌৰ বিস্ফোৰণত মৃতক ২জনলৈ বৃদ্ধি, আৰক্ষী সঞ্চালকপ্ৰধানক জৰুৰী নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

November 22, 2018 8:45 pm · এন ই নাও নিউজ
Updated: November 22, 2018 9:05 pm
ডিমৌত বিস্ফোৰণত নিহত অনুপ গুপ্তা। ছবি- নৰ্থ ইষ্ট নাও।

শিৱসাগৰৰ ডিমৌ চাৰিআলিত বৃহস্পতিবাৰে সন্ধিয়া ৫:৩০ বজাত সংঘটিত বিস্ফোৰণত মৃতকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পাইছে।

বিস্ফোৰণটোত অনুপ গুপ্তা নামৰ গ্ৰাহকজনে থিতাতে প্ৰাণ হেৰুওৱাৰ পিছত ডিব্ৰুগড়লৈ নি থকা অৱস্থাতে মৃত্যু হয় দোকানখনৰ মালিক কমল আগৰৱালাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসকে।

নতুন দিল্লীত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে ঘটনাটোৰ গৰিহণা দিয়াৰ লগতে ‘দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত’ কৰাৰ বাবে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে।

একাংশ সংবাদ মাধ্যমে বিস্ফোৰণটো গ্ৰেনে’ড আক্ৰমণ বুলি প্ৰচাৰ কৰিছে যদিও ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে এই কথা নিশ্চিত কৰা নাছিল।

আৰক্ষীয়ে দোকানখনত এটা শক্তিশালী বেটাৰি বিস্ফোৰণ হোৱাৰ বাবেহে ঘটনাটো ঘটাৰ ইংগিত দিছিল।

Related News