NORTHEAST NOW (Assamese)

নিজৰ নৱজাত সন্তানক পুখুৰীত দলিয়াই দিলে মাতৃয়ে : নলবাৰীত মানৱ সমাজক লজ্জানত কৰা ঘটনা

May 4, 2025 4:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 4, 2025 4:06 pm

নলবাৰী জিলাত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড। এগৰাকী মাতৃয়ে নিজৰ নৱজাতকক পুখুৰীলি দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, পুখুৰীত পেলাই দিয়াৰ ফলত শিশুটিৰ মৃত্যু হৈছে।

নলবাৰীৰ দিন হাজিৰা কৰা নৃপেন বৰ্মনৰ পত্নী গীতাঞ্জলি বৰ্মনৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, পৰিয়ালটোৱে চম দৰিদ্ৰতাৰ সৈতে যুঁজি আছিল যদিও মাতৃগৰাকীৰ এই কাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘৰুৱা বিবাদৰ বাবেও এই ঘটনা হ’ব পাৰে। ইতিমধ্যে আৰক্ষীয়ে শিশুটিৰ পিতৃ-মাতৃ দুয়োকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Related News