NORTHEAST NOW (Assamese)
অসম

মহিলাক লৈ জুবিন গাৰ্গে কৰা আপত্তিজনক মন্তব্য সম্পৰ্কত অসম আৰক্ষীক তদন্তৰ আহ্বান অসম ৰাজ্যিক মহিলা আয়োগৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 3, 2021 10:49 am
zubeen-pic-570x320

অসম ৰাজ্যিক মহিলা আয়োগে জুবিন গাৰ্গে অভিনেত্ৰী নিশিতা গোস্বামীক লৈ কৰা যৌনগন্ধী মন্তব্য সন্দৰ্ভত তদন্ত কৰিবলৈ অসম আৰক্ষীক আহ্বান জনাইছে।

অলপতে অনুষ্ঠিত হোৱা এখন ৰাজহুৱা পুৰস্কাৰ বিতৰণ অনুষ্ঠানত জুবিন গাৰ্গে অভিনেত্ৰী নিশিতা গোস্বামী সম্পৰ্কত কৰা অত্যাধিক আপত্তিজনক মন্তব্য সম্পৰ্কত আৰক্ষীক নিজাববীয়াকৈ তদন্তৰ বাবে আহ্বান জনাই মহিলা সমিতিয়ে।

অসম ৰাজ্যিক মহিলা আয়োগে অসম আৰক্ষীৰ ডি জি পিলৈয়ো এই সম্পৰ্কত এখন নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে।

ৰাজহুৱা অনুষ্ঠানত এগৰাকী মহিলাক লৈ কৰা অপমান সূচক মন্তব্যৰ পাছতে জুবিন গাৰ্গে ভৎৰ্সনাৰ সন্মুখিন হ’বলগীয়া হৈছে।

বিভিন্ন লোকে এইক্ষেত্ৰত জুবিন গাৰ্গৰ পৰা ক্ষমা প্ৰাৰ্থনাৰ দাবী জনাইছে।

৩০ জানুৱাৰিত অনুষ্ঠিত হোৱা প্ৰাগ চিনে এৱাৰ্ডৰ মঞ্চত জুবিন গাৰ্গে অভিনেত্ৰী নিশিতা গোস্বামীক লৈ  কৰা মন্তব্যৰ পাছতে ৰাজ্যজুৰি ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।