NORTHEAST NOW (Assamese)

সুৰা পানৰ ক্ষেত্ৰত দেশৰ ভিতৰত শীৰ্ষ স্থানত অসমৰ মহিলা

October 28, 2020 11:14 am · এন ই নাও নিউজ
Updated: October 28, 2020 1:03 pm
প্রতিনিধিত্বমূলক চিত্র

অসমৰ মহিলাই দেশৰ অন্য ৰাজ্যৰ মহিলাক চেৰ পেলাই সুৰা সেৱনৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

২০১৯-২০ বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিসংখ্যাই প্ৰকাশ কৰা তথ্যত এই কথা প্ৰকাশ পাইছে।

তথ্যটোত প্ৰকাশ পোৱা অনুসৰি ১৫ৰ পৰা ১৯ বছৰৰ শিতানত অসমৰ সৰ্বাধিক ২৬.৩ শতাংশ মহিলাই সুৰা সেৱন কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ গড় সংখ্যা হৈছে ১.২ শতাংশ।

ইফালে নাগালেণ্ড, হিমাচল প্ৰদেশ, গোৱা আৰু কৰ্ণাটকত সবাটোকৈ কম সংখ্যক মহিলাইহে সুৰা সেৱন কৰে বুলি তথ্যটোত প্ৰকাশ পাইছে। এই ৰাজ্য কেইখনৰ ০.১ শতাংশ মহিলাইহে সুৰা সেৱন কৰে।

আনহাতে, পুৰুষৰ তালিকাত অসম আছে শীৰ্ষ দহৰ ভিতৰত।

১৫ৰ পৰা ৪৯ বছৰৰ শিতানত দেশৰ ভিতৰত অসমৰ ৩৫.৬ শতাংশ পুৰুষে সুৰাপান কৰে। এই শিতানত ৰাষ্ট্ৰীয় গড় হৈছে ২৯.২ শতাংশ আৰু ৫৭.৬ শতাংশৰে প্ৰথম স্থানত আছে ত্ৰিপুৰা।

ইয়াৰ উপৰি, পুৰুষৰ ১৫ৰ পৰা ৫৪ বছৰৰ শিতানত অসম প্ৰথম স্থানত আছে। এই বয়সৰ শিতানত অসমৰ ৫৯.৪ শতাংশ পুৰুষে সুৰা সেৱন কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় হৈছে ২৯.৫ শতাংশ।

উল্লেখ্য যে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিসংখ্যাই প্ৰকাশ কৰা এই ভয়াৱহ তথ্যৰ পিছতেই অসমৰ সচেতন মহলে এয়া এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বুলি অভিহিত কৰিছে।

Related News