NORTHEAST NOW (Assamese)
অসম

আকৌ বহিৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ, হত্যা কৰি জংঘলত পেলাই থৈ গ’ল মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2023 3:35 pm
আকৌ বহিৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ, হত্যা কৰি জংঘলত পেলাই থৈ গ’ল মৃতদেহ

শনিবাৰে বহিৰাজ্যত কৰ্মৰত এজন অসমীয়া যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

মৃত যুৱকজন শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বুলি জানিব পৰা গৈছে।

মৃত যুৱকজন জামুগুৰিহাটৰ কোৰোটিপাৰ গাঁৱৰ নিবাসী ইন্দ্ৰ নাথ ।

কৰ্মসূত্ৰে গোৱাত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি আছিল যুৱকজনে।

ইন্দ্ৰ নাথক একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। তেওঁৰ কৰ্মস্থলীৰ ওচৰৰ জংঘলৰ পৰা তেওঁৰ পচি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

মৃতদেহটো উদ্ধাৰ হোৱাৰ দুদিন পিছতে স্থানীয় লোকে নাথৰ পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰে।

শনিবাৰে পুৱাই যুৱকজনৰ মৃতদেহ গোৱাৰ পৰা নিজৰ গৃহ চহৰলৈ অনা হয়। এই ঘটনাত এতিয়া সমগ্ৰ জামুগুৰিহাট অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।