NORTHEAST NOW (Assamese)
অসম

বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপন বিচাৰি যোৱা শিৱসাগৰৰ যুৱক সন্ধানহীন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 13, 2019 9:21 pm
Missing Akash Das

শিৱসাগৰ জিলাৰ আখৈফুটীয়াৰ ২ নং চাউলকৰা গাঁৱৰ আকাশ দাস নামৰ এজন যুৱক তামিলনাডুলৈ কাম কৰিবলৈ যোৱাৰ সময়তে সন্ধানহীন হোৱাৰ বাতৰিয়ে যুৱকজনৰ পৰিয়ালৰ লোকসকলক চৰম দুঃচিন্তাত পেলাইছে।

জানিব পৰা মতে, আখৈফুটীয়াৰ ২ নং চাউলকৰা গাঁৱৰ নিবাসী পুনেশ্বৰ দাস আৰু সৰুছোৱালী দাসৰ দুই পুত্ৰ ক্ৰমে লক্ষীনাথ দাস আৰু আকাশ দাসে জুলাই মাহত তামিলনাডুৰ কোম্পানী এটাত কাম কৰাৰ উদ্দেশ্যে ৰে’লেৰে যাত্ৰা কৰিছিল।

তামিলনাডুলৈ গৈ থকা অৱস্থাত ওড়িশাৰ ভদ্ৰা ষ্টেশ্যনৰ পৰা আকাশ দাস নিৰুদ্দেশ হয়।

আনহাতে, নিৰুদ্দেশ হোৱা ভায়েকৰ সন্ধানত ককায়েক লক্ষীনাথে ভদ্ৰা ষ্টেশ্যনত বিচাৰ-খোচাৰ কৰে যদিও কোনোধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহল।

লক্ষীনাথে ঘটনা সন্দৰ্ভত ৰে’ল আৰু স্থানীয় আৰক্ষীক অৱগত কৰিলেও নিৰুদ্দেশ হোৱা আকাশৰ সন্ধান উলিওৱাত ব্যাৰ্থ হয় আৰক্ষী।

তদুপৰি, ৰে’লৰে যাত্ৰা কৰি থকাৰ সময়ত আকাশৰ মোবাইল চাৰ্জ নথকাৰ বাবে অফ হৈ আছিল আৰু বৰ্তমান পৰ্যন্ত ফোনটো সক্ৰিয় হোৱা নাই বুলি জানিব পৰা গৈছে।

আকাশ নিৰুদ্দেশ হোৱাৰ বাতৰি লক্ষীনাথে শিৱসাগৰৰ ঘৰত জনোৱাৰ লগে লগে ওড়িশাত পৰিয়ালৰ লোক উপস্থিত হয় আৰু স্থানীয় আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকে অঞ্চলটোত আকাশক বিচাৰি অভিযান চলাই যদিও ব্যাৰ্থ হয়।

শেহতীয়াকৈ বিগত ৬ আগষ্টত পৰিয়ালৰ লোকে সহায়ৰ বাবে শিৱসাগৰ আৰক্ষীৰ কাষ চাপে আৰু এজাহাৰ দাখিল কৰে যদিও শিৱসাগৰ আৰক্ষীয়েও  আকাশ দাসৰ কোনোধৰণৰ সন্ধান লাভ কৰা নায়।

যদিহে কোনো ব্যক্তিয়ে আকাশ দাসৰ সন্ধান লাভ কৰে তেন্তে পৰিয়ালৰ লোকে ৬০০১০৮৫৩৭৫ নম্বৰত যোগাযোগ কৰাৰ বাবে অনুৰোধ জনাইছে।