NORTHEAST NOW (Assamese)

“অসমীয়া জাতিৰ ঊৰ্ধ্বত মোৰ কাৰণে আৰু একো হ’ব নোৱাৰে” অৱশেষত মুখ খুলিলে যতীন বৰাই

December 9, 2019 10:13 am · এন ই নাও নিউজ
Updated: December 9, 2019 10:16 am

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অৱশেষত মুখ খুলিলে অভিনেতা যতীন বৰাই। বিধেয়কখনৰ প্ৰসংগত অভিনেতা যতীন বৰাই আজি তেওঁৰ ফেচবুকৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা জনাই সমগ্ৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে সাংস্কৃতিক জগতৰো বিভিন্নজনে মাত মাতি আহিছে।

ইয়াৰ বিপৰীতে আকৌ একাংশই জাতিৰ বিপদৰ সময়তো এই প্ৰসংগত নিমাত হৈ আছিল। ইয়াৰে মাজত এজন অভিনেতা যতীন বৰাও আছিল।

‘ৰত্নাকৰ’ৰ মুক্তিৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা যতীন বৰাই ‘কেব’ক লৈ একেবাৰে নিমাত হৈ আছিল। এই ক্ষেত্ৰত সাধাৰণ ৰাইজৰ লগতে দল-সংগঠনসমূহে প্ৰশ্ন উত্থাপন কৰাৰ লগতে তেওঁলোক অভিনেতাগৰাকীৰ ওপৰত ক্ষোভিত হৈ পৰিছিল।

‘কেব’ক লৈ নিমাত হৈ থকাৰ বাবেই কালি অৰ্থাৎ দেওবাৰে তেজপুৰত আছুৰ ৰোষত পৰিছিল অভিনেতাগৰাকী। আছুৰ প্ৰতিবাদকাৰীসকলে যতীন বৰাক আবদ্ধ কৰি ৰাখিছিল।

আনহাতে জুবিন গাৰ্গে এই ক্ষেত্ৰত কৈছিল, “যতীনহঁতে পদত্যাগ কৰিব লাগিছিল। যদিহে মানুহৰ লগত ৰাইজৰ লগত থাকিব বিচাৰে। মই হোৱা হ’লে পদত্যাগ কৰিলোহেঁতেন।”

ইয়াৰ পিছতে আজি যতীন বৰাই ফেচবুকৰ জৰিয়তে তেওঁৰ নিজৰ স্থিতি স্পষ্ট কৰে। তেওঁ ফেচবুকত নিজৰ প’ষ্টত এই দৰে কয়, “অসমীয়া ভাষা, অসমীয়া সংস্কৃতি তথা অসমীয়া জাতিৰ ঊৰ্ধ্বত মোৰ কাৰণে আৰু একো হ’ব নোৱাৰে। আজি মই যি হয় কেবল অসমবাসীৰ ৰাইজৰ কাৰণেই হয়। অসমীয়া জাতি, অসমৰ মাটি, অসমীয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে অসমৰ ৰাইজে যি সিদ্ধান্ত আঁকোৱালি লয়, সেই সিদ্ধান্তক মই সম্পূৰ্ণ শ্ৰদ্ধা কৰোঁ।”

Related News