NORTHEAST NOW (Assamese)
অসম

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ সহধৰ্মিণী, অভিনেত্ৰী আৰতী বৰুৱাৰ ৮৭ বছৰ বয়সত দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 1, 2023 5:05 pm

লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ সহধৰ্মিণী, অসমীয়া ছৱি জগতৰ এসময়ৰ অভিনেত্ৰী আৰতি বৰুৱাৰ বৃহস্পতিবাৰে বিয়লি মহানগৰীৰ এখন হাস্পাতালত দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।

যোৱা ১৮ এপ্ৰিলৰ পৰা তেওঁ জি এন আৰ চি হাস্পাতালতত চিকিৎসাধীন হৈ আছিল। তেওঁ মুঠতে ৪৩ দিন ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল।

লগতে পঢ়ক: বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে ৮৩ টকা- ১ জুনৰ পৰা প্ৰযোজ্য হ’ব নতুন মূল্য

‘সন্ধ্যাৰাগ’, ‘অগ্নিস্নান’কে ধৰি বহুকেইখন ছবিত অভিনয় কৰা আৰতি বৰুৱাই মৃত্যুৰ সময়ত পুত্ৰ প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা ,চিকিৎসক ডা: নভনীল বৰুৱাৰ লগতে নাতি নাতিনীকে ধৰি ভালেসংখ্যক আত্মীয় স্বজনকে ইহ সংসাৰত এৰি থৈ গৈছে।

পুৰণিগুদাম ভীমৰ গাঁৱত জন্ম গ্ৰহণ কৰা গীতিকাৰ, সুৰকাৰ, কন্ঠশিল্পী, সংগীত পৰিচালক লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ পত্নী আৰতী বৰুৱাই স্বামীৰ অবৰ্তমানত শিল্পীজনাৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা চলাইছিল। আনকি নিজৰ পেন্সনৰ ধনেৰে ৰুদ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তি স্থাপন কৰিছিল।

লগতে পঢ়ক:অসহনীয়! চুডানত সংঘৰ্ষ চলি থকাৰ মাজতে অনাথ আশ্ৰমত আৱদ্ধ হৈ থকা ৬০ টি শিশুৰ কৰুণ মৃত্যু

অভিনেত্ৰীগৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।