NORTHEAST NOW (Assamese)
অসম

নিয়ম বান্ধি দিব খোজা বিহু সমন্বয়ৰক্ষী সমিতিক পুনৰ কটাক্ষ জুবিনৰ

Posted by: এন ই নাও নিউজ April 10, 2019 9:48 am
zubeen-garg-hd-photo

ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰবাৰ বিহু সমন্বয়ৰক্ষী সমিতিৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। মঙলবাৰে সাংবাদিকৰ আগত জুবিনে বিহু সমন্বয়ৰক্ষী সমিতিয়ে মাজে সময়ে উক দিয়ে বুলি মন্তব্য কৰি তেওঁলোকক চিকিৎসা গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিয়ে।

উল্লেখযোগ্য যে, বিগত কিছু বছৰ ধৰি বিহু সমন্বয়ৰক্ষীৰ লগত বিহু মঞ্চত হিন্দী গীত গোৱা আদি বিষয়ক লৈ জুবিনৰ মত বিৰোধ চলি আছে। নুনমাটি ৰঙালী বিহু সন্মিলনীত বিহু সমন্বয়ৰক্ষীৰ সৈতে হোৱা মতবিৰোধৰ বাবে আধাতে অনুষ্ঠান সামৰিছিল জুবিনে। সংবাদ মাধ্যমৰ আগত নিজৰ মতামত প্ৰকাশ কৰি জুবিনে কয় যে বিহু স্বতন্ত্ৰ, বিহুত কোন কি কাপোৰ পিন্ধিব? কোনো কি গীত গাব শিকাবলৈ আহিলে শিল্পীসকলৰ অসুবিধা হয়।

বিহু একেদৰে চলি আহিছে আৰু ভবিষ্যতেও একেধৰণে চলি থাকিব বুলি উল্লেখ কৰি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে অসমৰ শিল্পীসকলে নিজৰ পচন্দ অসুসৰি অনু্ষ্ঠান পৰিবেশন কৰিব বুলি কয়।

আনহাতে, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত থকা নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে বিজেপিয়ে বিধেয়ক লৈ আহিলে পুনৰ হুলস্থুল হ’ব বুলি মন্তব্য কৰে। কণ্ঠশিল্পীগৰাকীয়ে বিগত সময়ৰ দৰে সকলোৱে একেতা ছাটিৰ তলত থাকি নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদ কৰি যাব আৰু প্ৰয়োজন হ’লে পুনৰ প্ৰতিবাদত বহাৰো হুংকাৰ দিয়ে।