NORTHEAST NOW (Assamese)

নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬ ত দুটাকৈ মনোনয়নেৰে বিশ্ব প্ৰিমিয়াৰৰ বাবে সাজু অসমীয়া চলচ্চিত্ৰ ‘আকুতি’

April 20, 2026 7:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:06 am

পি কে আৰ ফিল্মছৰ বেনাৰত স্নিগ্ধা পি ৰয়ৰ দ্বাৰা পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘আকুতি’ ‘নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬’ লৈ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে। চলচ্চিত্ৰ মহোৎসৱখনত ‘আকুতি’ৰ বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হব। ইতিমধ্যে চলচ্চিত্ৰখনে দুটাকৈ গুৰুত্বপূৰ্ণ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ নৱনিৰ্মিত চলচ্চিত্ৰ (আৰু শ্ৰেষ্ঠ শিশু অভিনেতা।

স্নিগ্ধা পি ৰয়ৰ দ্বাৰা পৰিচালিত ‘আকুতি’য়ে অসমৰ চহকী কাহিনী কথনৰ পৰম্পৰাক প্ৰতিফলিত কৰিছে আৰু আঞ্চলিক বিষয়সমূহ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছে। এগৰাকী কিশোৰীৰ মনস্তত্ত্ব আৰু পিতৃ, কন্যাৰ আৱেগিক সম্পৰ্ক ‘আকুতি’ ত চিত্ৰায়ন হৈছে ।  চলচ্চিত্ৰখন স্নিগ্ধা পি ৰয় আৰু তনুজা পি ৰয়ৰ দ্বাৰা প্ৰযোজিত আৰু স্মিতা ৰয়ৰ সহ-প্ৰযোজনাত ‘পি কে আৰ ফিল্মছ’ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে।

নিউইয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল(NYIFF) প্ৰতি বছৰে নিউ ইয়র্ক চহৰত অনুষ্ঠিত হোৱা  ভাৰতীয় চিনেমাৰ বাবে উৎসৰ্গিত উত্তৰ আমেৰিকাৰ আটাইতকৈ দীৰ্ঘদিনীয়া আৰু মৰ্যাদাপূৰ্ণ মঞ্চ। স্বতন্ত্ৰ কাহিনী কোৱাৰ শৈলীক উদযাপনৰ বাবে পৰিচিত এই মহোৎসৱে বিশ্বৰ দৰ্শক, সমালোচক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক আকৰ্ষণ কৰে, যাৰ ফলত ই আন্তৰ্জাতিক স্বীকৃতিৰ এক গুৰুত্বপূৰ্ণ দুৱাৰমুখ হৈ পৰে।

উল্লেখযোগ্য ‘আকুতি’ৰ পৰিচালক স্নিগ্ধা পি ৰয় মুম্বাইত প্ৰতিষ্ঠিত এগৰাকী চলচ্চিত্ৰ সম্পাদক আৰু পৰিচালক। তেওঁ নিৰ্মাণ কৰা চুটি দৈৰ্ঘ্যৰ চিনেমা ইতিমধ্যে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত আৰু সমাদৃত হৈছে। শেহতীয়াকৈ পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা নিৰ্মাণত ভৰি দিয়া স্নিগ্ধা পি ৰয়ে  ‘মনিকৰ্ণিকা-দ্য কুইন অৱ ঝাঞ্চী’, ‘স্কেটাৰ গাৰ্ল’, ‘ছাইনা’, ‘হাম্পতি ছৰ্মা কি দুলহনীয়া’, ‘এবিচিডি ২’, ‘হিৰপান্তি’ আদি বহুকেইখন বলীউডৰ চলচ্চিত্ৰত সম্পাদনাৰ কাম কৰিছে।

Related News