NORTHEAST NOW (Assamese)

ৰীমাৰ ভিলে’জ ৰকষ্টাৰ্ছ কোটি টকাৰ দৌৰত এইবাৰ উপস্থিত কে’ বি চি-ত!

October 12, 2018 11:07 pm · এন ই নাও নিউজ
Updated: October 13, 2018 12:08 am
কে’ বি চি। ছবি- ইণ্টাৰনেটৰ পৰা।

বিশ্বজুৰি বিভিন্ন চলচ্চিত্ৰ উৎসৱত সমাদৃত হোৱা ৰীমা দাসৰ অসমীয়া চিনে’মা ভিলে’জ ৰকষ্টাৰ্ছ এইবাৰ উপস্থিত হৈছেগৈ অমিতাভ বচ্চন পৰিচালিত জনপ্ৰিয় টি ভি শ্ব’ কৌন বনেগা ক্ৰ’ৰপতিত।

১০ম সংস্কৰণত ভৰি দিয়া চ’নি টি ভিৰ শ্ব’টোৰ প্ৰশ্নৰ মাজত শেহতীয়াকৈ স্থান লাভ কৰিছে ভিলে’জ ৰকষ্টাৰ্ছে।

“অস্কাৰ ২০১৯ৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ চিনে’মা শিতানত ভাৰতীয় মনোনয়ন লাভ কৰা ভিলে’জ ৰকষ্টাৰ্ছৰ পৰিচালক কোন?” এইটো আছিল কে’ বি চি-ত সুকৃতি মজুমদাৰ নামৰ প্ৰতিযোগীগৰাকীক অভিনেতা তথা শ্ব’টোৰ পৰিচালক অমিতাভ বচ্চনে সোধা প্ৰশ্ন।

লগতে পঢ়ক– টৰণ্ট’ ফিল্ম ফেষ্টিভেলত মুক্তি পাব ৰীমা দাসৰ নৱতম চিনে’মা বুলবুল কেন ছিং

শুদ্ধ উত্তৰ দিব নোৱৰা ক’লকাতাৰ প্ৰতিযোগীগৰাকীয়ে বিশেষজ্ঞ উপদেষ্টাৰূপে শ্ব’টোত থকা জ্যেষ্ঠ সাংবাদিক ৰাজদীপ চৰদেশাইৰ সহায় লয়।

Related News