NORTHEAST NOW (Assamese)

অসমবাসীলৈ সুখবৰ! অসমীয়া গহনাই লাভ কৰিলে GI টেগ

April 3, 2025 10:43 am · এন ই নাও নিউজ, গুৱাহাটী

অসমবাসীলৈ আন এক সুখ খবৰ। বহাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এই ভাল খবৰ। এইবাৰ অসমীয়া গহনাই লাভ কৰিলে GI টেগ।

অসমীয়া ঐতিহ্য-সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাক প্রদান কৰা হৈছে ভৌগোলিক সূচকাংক অর্থাৎ জিআই টেগ (GI Tag)ৰ স্বীকৃতি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনাইছে এই সুখৰ বতৰা

২০১৮-১৯ বর্ষৰ বাজেট উত্থাপনত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্রতি লক্ষ্য ৰাখি এই প্রস্তাৱ গ্রহণ কৰা হৈছিল।

অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত সকলোলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূর্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Related News