NORTHEAST NOW (Assamese)
অসম

গুগলত পুনৰ নিৰাশ অসমীয়া ভাষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2019 9:03 pm
Assamese language finds no place on Google search

ভাৰতৰ গুগল চাৰ্চত স্থানীয় ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত পুনৰ নিৰাশ হৈছে অসমীয়া।

গুগলে বৃহস্পতিবাৰে ইয়াৰ চাৰ্চত ৭টা নতুন ভাৰতীয় ভাষা অন্তৰ্ভুক্ত কৰিছে, কিন্তু তাৰ মাজত নাই অসমীয়া।

এইক্ষেত্ৰত গুগলে হিন্দীক ২০১৬ চনতে স্বীকৃতি দিয়াৰ বিপৰীতে বৃহস্পতিবাৰে অন্তৰ্ভুক্ত হৈছে বাংলা, তামিল, তেলুগু, মালায়ালম, কন্নড়, গুজৰাটী আৰু মাৰাঠী।

নতুন দিল্লীত হোৱা গুগল ফৰ ইণ্ডিয়াৰ বাৰ্ষিক অনুষ্ঠানত এই ঘোষণা কৰা হৈছে।

বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ এঞ্জিনটোৰ স্বীকৃতিৰ ফলত ৭টোতা ভাষাই ইণ্টাৰনেটৰ জগতত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰাৰ আশা কৰিব পাৰি।

স্বীকৃত ভাষাকেইটাৰ ইউজাৰে গুগলত এতিয়াৰে পৰা কাষ্টমাইজদ কণ্টেণ্ট লাভ কৰিবলৈ সক্ষম হ’ব।

কিন্তু অসমীয়া ভাষা অতি কমেও পৰৱৰ্তী এবছৰ এইক্ষেত্ৰত পিছ পৰি ৰোৱাৰ সম্ভাৱনাই অধিক।

গুগলৰ পৰৱৰ্তী বাৰ্ষিক অনুষ্ঠানত এই স্বীকৃতি পাবলৈ হ’লেও অসমীয়া অন্ততঃ এবছৰ ৰ’ব লাগিব।

আনহাতে, তামিল, তেলুগু আৰু মাৰাঠীক গুগলে শেহতীয়াকৈ গুগল লেনছতো অন্তৰ্ভুক্ত কৰিছে।