NORTHEAST NOW (Assamese)

পিংকাথন : অসমৰ ৫০ বছৰীয়া ইৰিণাই সম্পূৰ্ণ কৰিলে ৫৫ কিলোমিটাৰ দৌৰ

November 15, 2019 7:39 am · এন ই নাও নিউজ
পিংকাথনৰ দৃশ্য

‘স্পীৰিট অব পিংকাথন ৰান’ৰ প্ৰথম সংস্কৰণত তেজপুৰৰ পৰা গুৱাহাটীলৈ দৌৰ আৰম্ভ কৰা ইৰিণা হাজৰিকাই বৃহস্পতিবাৰে ৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে।

পিংকাথন পৰামৰ্শদাতা মিলিন্দ সোমনে তেজপুৰত ‘স্পীৰিট অৱ পিংকাথন’ৰ শুভাৰম্ভ কৰিছিল।

পিংকাথন এম্বেচাদৰ অংকিতা কোঁৱৰেও ইৰিণা হাজৰিকাৰ সমৰ্থনত উপস্থিত আছিল।

পঞ্চাশ বছৰীয়া ইৰিণা হাজৰিকাই তেজপুৰৰ পৰা দৌৰ আৰম্ভ কৰি এন্ধাৰ হোৱা বাহে নগাঁও চহৰত দৌৰ সামৰণি মাৰে।

নগাঁৱত নিশা কটোৱাৰ পাছত শুকুৰবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা তেওঁ পুনৰ দৌৰ আৰম্ভ কৰে।

জানিব পৰা মতে, ইৰিণাই শুকুৰবাৰে নিশা জাগিৰোডত কটাব।

তেওঁ শনিবাৰে জাগিৰোডৰ পৰা গুৱাহাটী অভিমুখে দৌৰ আৰম্ভ কৰিব। এই সময়ছোৱাত ইৰিণাই তেজপুৰৰ পৰা গুৱাহাটীলৈ মুঠ ১৬০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

ফেইচবুকত আপলোড কৰা এটা ভিডিঅ’ত ইৰিণাই কয়, ‘‘আজি মই ৬০ কিলোমিটাৰ দৌৰাৰ লক্ষ্য বান্ধি লৈছিলো কিন্তু ৫৫ কিলোমিটাৰহে অতিক্ৰম কৰিবলৈ সক্ষম হলো। মই ৰাতিপুৱা ৬.১৫ বজাৰ পৰা দৌৰ আৰম্ভ কৰি আবেলি ৫.১৫ ত সামৰণি মাৰিছিলো।’’

পঞ্চাশ বছৰীয়া ইৰিণাই খোৱাৰ বাবে দুঘণ্টা সময়কে ধৰি মুঠ ১১ ঘণ্টাত ৫৫ কিলোমিটাৰ অতিক্ৰম কৰিছে।

ইৰিণাই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত কোনোধৰণৰ জিৰণি নোলোৱাকৈ ৪২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।

পিংকাথনৰ পৰামৰ্শদাতা মিলিন্দ সোমনে গুৱাহাটীত পিংকাথন মুকলি কৰিব বুলি শুনাৰ পাছতে পঞ্চাশ বছৰীয়া ইৰিণাই ২০১৫ চনৰ পৰা দৌৰা আৰম্ভ কৰিছিল।

ইয়াৰ পূৰ্বেও ইৰিণাই টাটা মুম্বাই মাৰাথনকে ধৰি বিভিন্ন দৌৰত অংশগ্ৰহণ সফলতাৰে কৰিছে।

Related News