NORTHEAST NOW (Assamese)
অসম

অসমৰ পৰা সৰবৰাহ কৰি কেৰালাত পতিতাবৃত্তি ল’বলৈ বাধ্য কৰোৱা ৯গৰাকী যুৱতীক উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2021 11:09 am
Sex-workers-in-Maharasthra-650x375

অসমৰ পৰা কেৰালালৈ সৰবৰাহ কৰি পতিতাবৃত্তি ল’বলৈ বাধ্য কৰা ৯গৰাকী যুৱতীক অসম আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

ঘটনাটোৰ সৈতে জড়িত দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

উদ্ধাৰ কৰা যুৱতীকেইগৰাকী আৰু অভিযুক্তক অসমৰ লৈ অনা হৈছে। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এই কথা জানিবলৈ দিছে।

‘’অসমৰ পৰা চলাই থকা এক মানৱ সৰবৰাহকাৰী চক্ৰৰ বিষয়ে হোজাই আৰক্ষীয়ে তথ্য লাভ কৰিছিল য’ত অসমৰ বিভিন্ন জিলাৰ কেইবাগৰাকী যুৱতীক কেৰালাৰ থাম্পানুৰলৈ সৰবৰাহ কৰাৰ তথ্য পোৱা গৈছিল,’’-সিঙে টুইটত কয়।

বাতৰি অনুসৰি, সৰবৰাহ কৰা যুৱতীকেইগৰাকীক পতিতাবৃত্তিত নিয়োজিত কৰা হৈছিল।

বিশেষ তথ্যৰ ভিত্তিত যোৱা ১১ জুলাইত হোজাই জিলাৰ লংকা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

সিঙে জানিবলৈ দিয়ে যে যোৱা ১৩ জুলাইত আঠ গৰাকী আৰক্ষী বিষয়াৰ এটা দল ঘটনাৰ বলি যুৱতীকেইগৰাকীক উদ্ধাৰ কৰিবলৈ কেৰালালৈ ৰাওনা হৈছিল আৰু অভিযুক্তক আটক কৰিছিল।

শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে লগতে যুৱতীকেইগৰাকী হোজাই, নগাঁও, মৰিগাঁও আৰু কামৰূপ গ্ৰাম্য জিলাৰ বুলি জানিবলৈ দিয়ে। আনহাতে, অভিযুক্ত দুজন হৈছে হোজাই আৰু নগাঁওৰ।