NORTHEAST NOW (Assamese)
অসম

টকিঅ’ অলিম্পিকত কৰ’নাতংক! গেমছ ভিলেজত পজিটিভ ২ এথলেট; উদ্বিগ্ন আয়োজক কমিটি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2021 11:59 am
tokyo olympic

অৱশেষত যিটো শংকা কৰা হৈছিল সেয়াই ঘটিল।টকিঅ’ অলিম্পিক আৰম্ভ হ’বলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ঘটিল এই ঘটনা।

গেমছ ভিলেজৰ ভিতৰত দুগৰাকী এথলেটৰ কৰ’না পজিটিভ ধৰা পৰিছে। এতিয়াও তেওঁলোৰ পৰিচয় প্ৰকাশ হোৱা নাই যদিও দুগৰাকী এথলেট যে পজিটিভ পোৱা গৈছে সেই কথা নিশ্চিত কৰা হৈছে।

দেওবাৰে আয়োজক কমিটিয়ে আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে।

আৰম্ভণিৰ দিন চমু চাপি অহাৰ সময়তে টকিঅ’ অলিম্পিকত কৰ’না ভাইৰাছৰ আতংক বৃদ্ধি পাইছে।

শনিবাৰে আয়োজকৰ ফালৰ পৰা এথলেটসকলৰ ভিলেজৰ পৰা প্ৰথমটো কৰ’না আক্ৰান্ত চিনাক্ত হৈছিল। গেমছ ভিলেজৰ সেই ব্যক্তিগৰাকী অৱশ্যে এথলেট নাছিল, অলিম্পিকৰ কাম কৰিলৈ অন্য দেশৰ পৰা অহা লোকহে আছিল।

উল্লেখ্য যে কৰ’না ভাইৰাছৰ বাবে এবছৰ পিছুৱাই যোৱা টকিঅ’ অলিম্পিক অহা ২৩ জুলাইত আৰম্ভ হ’ব। সেইদৰে, ৮আগষ্টত সামৰণি পৰিব বিশ্বৰ এই সৰ্ববৃহৎ ক্ৰীড়া যুদ্ধৰ।

ইতিমধ্যে বিভিন্ন দেশৰ পৰা এথলেটসকল আহি উপস্থিত হোৱা টকিঅ’ অলিম্পিক এইবাৰ দৰ্শকবিহীনভাৱে অনুষ্ঠিত হ’ব।

ইপিনে, অলিম্পিকৰ আয়োজক চহৰ টকিঅ’ত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে। বিগত চাৰিদিনত চহৰখনত এক হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে।

বৰ্তমান গোটেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিও উদ্বিগ্নতাত কটাইছে অলিম্পিক আয়োজক কমিটি।