NORTHEAST NOW (Assamese)
অসম

শৰীৰৰ প্ৰতিটো অংগ দান কৰাৰ কথা ঘোষণা ১৭ গৰাকী লোকৰ

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া January 6, 2020 10:02 pm
donate their bodies

অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ ১৭ গৰাকী লোকে মৃত্যুৰ পিছত নিজৰ দেহ দান কৰিব বুলি আজি জানিবলৈ দিয়ে।

সামাজিক-সাংস্কৃতিক সংগঠন নতুন সমাজে ইলোৰা বিজ্ঞান মঞ্চ নামৰ এন জি অ’ এটাৰ সহযোগত আয়োজিত এক অনুষ্ঠানত লোক কেইজনে দেহ দান কৰাৰ কথা ঘোষণা কৰে।

চিকিৎসা বিজ্ঞানৰ উন্নয়ন আৰু বিভিন্ন গৱেষণাৰ কামত যাতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হয় তাৰ বাবে লোকসকলে দেহ দানৰ সিদ্ধান্ত লোৱা বুলি জনায়।

দেহ দান কৰা লোকসকলৰ বয়স ১৯ৰ পৰা ৬২ বছৰ হ’ব বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত নতুন সমাজৰ সভাপতি দিগন্ত দত্তই কয় ‘প্ৰথমে আমি এই লোকসকলক দেহ দান কৰাৰ বাবে অনুপ্ৰাণিত কৰিব পৰা নাছিলো। কিন্তু দেহ দানে সমাজত কেনে প্ৰভাৱ পেলাব পাৰে সেয়া বুজোৱাত তেওঁলোক ইয়াৰ বাবে মান্তি হয়’।

আনহাতে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰণৱ জ্যোতি চেতিয়াই লোক কেইজনৰ এই প্ৰয়াসে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক প্ৰভাৱিত কৰিব আৰু ভৱিষ্যতত বহুতেই দেহ দানৰ বাবে আগবাঢ়ি আহিব বুলি মন্তব্য কৰে।