NORTHEAST NOW (Assamese)
অসম

অসমৰ সংৰক্ষণবিদ বিভূতি লহকৰ,নাগালেণ্ডৰ নুকলু ফম ২০২১ৰ হুইটলে বঁটাৰ বাবে মনোনীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2021 11:02 am
Whitley-Awards-1024x512

উত্তৰ পূব ভাৰতৰ দুগৰাকী তৃণভূমি সংৰক্ষণবিদক ২০২১বৰ্ষৰ সন্মানীয় হুইটলে বঁটাৰ( Whitley Awards) বাবে মনোনীত কৰা হৈছে।

এই বৰ্ষৰ হুইটলে বঁটাৰ বাবে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ভাৰতীয় ব্যক্তি দুগৰাকী হৈছে তৃণভূমি সংৰক্ষণবিদ অসমৰ বিভূতি লহকৰ আৰু নাগালেণ্ডৰ নুকলু ফম।

বিভূতি লহকৰ উত্তৰ পূব ভাৰতৰ জৈৱ বৈচিত্ৰ সংৰক্ষণ সংস্থা আৰণ্যকৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানী।

তেওঁ অসমত তৃণভূমি পৰিৱেশতন্ত্ৰৰ বিষয়ে গৱেষণা কৰিছে।

লহকৰে নল গাহৰিৰ বিশেষ প্ৰসংগেৰে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমিৰ ওপৰত গৱেষণা কৰি পিএইচডি লাভ কৰিছে।

তেওঁৰ গৱেষণাই অসমৰ মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি পৰিৱেশতন্ত্ৰৰ বৈচিত্ৰ্যময় এলেকাক সামৰি লৈছে।

নাগালেণ্ডৰ এগৰাকী আগশাৰীৰ সংৰক্ষণবিদ নুকলু ফম ২০০৭চনৰে পৰা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে কাম কৰি অহা লেমছেচেনলক নামৰ সংস্থাটোৰ নেতৃত্বত আছে।

ফমে নেতৃত্ব দিয়া লেমছেচেনলক নামৰ সংস্থাটোৱে তেওঁলোকৰ বনৰীয়া প্ৰজাতি সংৰক্ষণৰ কামৰ বাবে ২০১৮চনত ভাৰত জৈৱ বৈচিত্ৰ বঁটাৰে সন্মানিত হৈছিল।

প্ৰতিবছৰে ছয়গৰাকী তৃণভূমি সংৰক্ষণবিদক হুইটলে বঁটাৰে সন্মানিত কৰা হয়।

এই বছৰ বিভিন্ন দেশৰ পৰা ১০৬গৰাকী অতি উচ্চ মানদণ্ডৰ আবেদনকাৰীৰ পৰা ব্ৰিটেইনৰ সংস্থা হুইটলে ফাণ্ড ফৰ নেচাৰে এই বঁটাৰ বাবে আবেদন লাভ কৰিছিল।

সংস্থাটোৱে মুঠতে বিশ্বৰ ১৫গৰাকী ব্যক্তিক এই বঁটাৰ বাবে তালিকাভুক্ত কৰিছে আৰু চূড়ান্ত পৰ্যায়ত ইয়াৰ পৰা ছয়গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

বিভুতি লহকৰক ‘এছীয় হাতী আৰু মানুহৰ মাজত সাঁকো গঢ়ি তোলা’ৰ বাবে এই বঁটাৰ বাবে তালিকাভুক্ত কৰা হৈছে।

সেইদৰে, নুকলু ফমক ‘এক জৈৱ বৈচিত্ৰ শান্তি কৰিডৰ প্ৰতিষ্ঠা’ৰ বাবে তালিকাভুক্ত কৰা হৈছে।

এইবাৰৰ হুইটলে বঁটা বিজয়ীসকলৰ নাম অহা ১২ মে’ত ঘোষণা কৰা হ’ব।