NORTHEAST NOW (Assamese)
Popular Stories

গোল্ডেন টাইগাৰঃ কাজিৰঙাৰ আশীৰ্বাদ নে অভিশাপ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2020 3:01 pm
golden

সোণৰ হৰিণৰ কথা আমি সকলোৱেই শুনিছো। ৰামায়ণৰ কাহিনীত সোণৰ হৰিণৰ কথা উল্লেখ আছে।

সোণালী বাঘৰ কথাও ৰুপকথাত উল্লেখ থকা দেখা যায়।

ৰুপকথাৰ সোণালী বাঘে এতিয়া বিচৰণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।

সোণালী বাঘৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সকলোতে হৈ চৈ লাগি গৈছে।

বহুতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বাঘ থকাৰ বিষয়টোক লৈ আনন্দ প্রকাশ কৰাও দেখা গৈছে।

ময়ূৰেশ হেন্দ্ৰে নামৰ লোক জনে তোলা কাজিৰঙাৰ সোণালী বাঘৰ ছবি খন বন বিষয়া পাৰবীন কাছোৱানে টুইটাৰত প্ৰকাশ কৰাৰ পিছতে বহুতে বিষয়টোক লৈ আনন্দ কৰিছে।

২০১৪ চনৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বাঘ বহুতে প্ৰত্যক্ষ কৰি আহিছে।

২০১৬ চনতো এনে বাঘ বহুতে দেখিছিল। কিন্তু কাজিৰঙাৰ সোণালী বাঘ গৌৰৱ কৰিবলগীয়া বিষয় নহয় বুলি কৈছে বন্যপ্ৰাণী বিশেষজ্ঞ ৰবীন্দ্ৰ শৰ্মাই।

বন্যপ্ৰাণী বিশেষজ্ঞ শৰ্মাৰ মতে কাজিৰঙাত যি সোণালী বাঘিনী দেখা গৈছে সেই বাঘিনীৰ নাম ৰখা হৈছে কাজি-১০৬-এফ।

বাঘিনীজনীৰ নোম সোণালী হৈ পৰাৰ কাৰণ হিচাবে শৰ্মাই কৈছে যে কাজিৰঙাত বাঘৰ বাসস্থান সংকুচিত হৈ অহাৰ ফলতে বাঘে নিজৰ গোত্ৰৰ ভিতৰতে সহবাস কৰিব লগীয়া হৈছে।

ইয়াৰ ফলত বাঘৰ জেনেটিক পৰিৱৰ্তন ঘটিছে আৰু নোম সোণালী হৈ পৰিছে।

বন-জংঘল ধ্বংসৰ ফলত কোনো প্ৰাণীৰ জেনেটিক পৰিৱৰ্তন হোৱাটো ভয়াৱহ কথা বুলি তেওঁ কয়।