NORTHEAST NOW (Assamese)
অসম

খেলো ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন শ্বুটাৰ হৃদয় হাজৰিকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2020 5:41 pm
Hriday-Hazarika-750x430

গুৱাহাটীত চলি থকা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া য়ুথ গেইমছত ৰূপৰ পদক লাভ কৰিছে অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাই।

মহানগৰীৰ কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ২১ অনূৰ্ধ্বৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত হৃদয়ে এই কৃতিত্ব অৰ্জন কৰে।

ফাইনেলত হৃদয় হাজৰিকাই ২৪৭.৫ পইণ্ট স্ক’ৰ কৰে। তেওঁ গুজৰাটৰ ৰুচিৰাজৰ হাতত পৰাস্ত হয়।

উল্লেখ্য যে প্ৰথম তিনিটা ৰাউণ্ডত অতি নিস্প্ৰভ প্ৰদৰ্শনেৰে একেবাৰে শেষৰ স্থানত আছিল হৃদয়। কিন্তু তাৰ পিছতে চন্দ ঘূৰাই পোৱা হৃদয়ে সকলোকে আঁচৰিত কৰি অন্তিম তিনিটা ৰাউণ্ডত চমপ্ৰদ প্ৰদৰ্শনেৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতক প্ৰতিনিধিত্ব কৰি অহা অসমৰ প্ৰতিভাৱান শ্বুটাৰগৰাকীৰ এই সাফল্যত অভিনন্দন জ্ঞাপন কৰিছে অসম ৰাইফল শ্বুটিঙৰ সাধাৰণ সম্পাদক ভৱজিৎ কলিতাই।

খেলো ইণ্ডিয়াৰ সাফল্যই অনাগত দিনত হৃদয়ক যথেষ্ট সহায় কৰিব বুলি কলিতাই উল্লেখ কৰে।

উল্লেখযোগ্য যে, নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ হাজৰিকা আৰু ইভা শইকীয়া হাজৰিকাৰ একমাত্ৰ সন্তান হৃদয়ৰ সফলতাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ অসমবাসী।