NORTHEAST NOW (Assamese)
অসম

অসমীয়া সাজ-পাৰ পৰিধানেৰে দৌৰত অংশগ্ৰহণ মিলিন্দ চোমন আৰু অংকিতাৰ; ভিডিঅ’ ভাইৰেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2020 5:19 pm
Milind and Ankita

‘যদিহে আপোনাৰ ইচ্ছা থাকে তেনেহ’লে ইয়াৰ এটা পথ থাকে আৰু কোনোৱে আপোনাক স্তব্ধ কৰিব নোৱাৰে,’ অসম জীয়ৰী অংকিতা কোঁৱৰৰ শেহতীয়া এটা ভিডিঅ’ই ইয়াক সত্য বুলি প্ৰমাণিত কৰিছে।

ভিডিঅ’টোত অসম জীয়ৰী অংকিতা আৰু বলিউদৰ জনপ্ৰিয় অভিনেতা তথা মডেল মলিন্দ চোমনক পৰম্পৰাগত অসমীয়া সাজ-পাৰ পৰিধান কৰি এক সজাগতামূলক দৌৰত অংশগ্ৰহণ কৰা দেখা গ’ল।

ভিডিঅ’টোত অংকিতাই মুগা মেখেলা চাদৰ পিন্ধাৰ বিপৰীতে মিলিন্দ চোমনে অসমীয়া ধুতি আৰু টি-চাৰ্ট পৰিধান কৰা দেখা গৈছে।

‘‘লক্ষ্য গুৰুত্বপূৰ্ণ, পোছাক নহয়। মই য’তেই নাথাকো অসমক প্ৰতিনিধিত্ব কৰো। ভোগালী বিহুৰ আগতীয়া শুভেচ্ছা #ট্ৰেডিশ্যনেল@মিলিন্দৰানিং,’’ টুইটত এনেদৰে লিখে অংকিতাই।

উল্লেখযোগ্য যে, যেতিয়াই অসমত উৎসৱৰ বতৰ চলি থাকে তেতিয়াই অসমৰ জীয়ৰি অংকিতা আৰু জোৱাই মিলিন্দ চোমনে অসমীয়া পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি অসমৰ কৃষ্টি-সংস্কৃতিক দেশত উজলাই তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। অংকিতাৰ শেহতীয়া ভিডিঅ’টো তাৰেই এক উদাহৰণ।