NORTHEAST NOW (Assamese)
অসম

সম্ভ্ৰান্ত মিলান ফেশ্বন শ্ব’ত খোজ অসমৰ কংকণ ৰাভাৰ

Posted by: পীয়ুষ ৰঞ্জন Updated by: পীয়ুষ ৰঞ্জন June 19, 2019 10:18 pm
Assam’s Kangkan walks the ramp at Milan Fashion Show Men’s 2019

বিশ্বপ্ৰসিদ্ধ মিলান ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিছে অসমৰ যুৱক কংকণ ৰাভাই।

১৯ বছৰীয়া কংকণ গুৱাহাটীৰ আইকন একাদেমিৰ ছাত্ৰ।

যোৱা ১৪ৰ পৰা ১৭ জুনলৈ অনুষ্ঠিত মিলান ফেশ্বন ৱীক, ২০১৯ত প্ৰসিদ্ধ ডিজাইনাৰসকলে ‘মে’ড ইন ইটালি’ ডিজাইন প্ৰদৰ্শন কৰিছিল।

অসমৰ যুৱক কংকণে লাভ কৰা এই সুযোগ নিঃসন্দেহে এক বৃহৎ সাফল্য, কাৰণ মিলানক বিশ্বৰ চাৰিখন ফেশ্বন ৰাজধানীৰ এখন বুলি ধৰা হয়। মিলানৰ ফেশ্বন পুঁজিয়ে বছৰি ২০ বিলিয়নত ইউৰ’তকৈয়ো অধিক আয় কৰে।

“ইয়াতকৈ আৰু ভাল আৰম্ভণি বিচাৰিব নোৱাৰি। @zegnaofficial বেনাৰৰ সৈতে। আপোনালোকৰ শ্ব’ত অভিষেকৰ সুযোগ দিয়া বাবে অশেষ ধন্যবাদ,” আনন্দিত কংকণৰ মন্তব্য।

View this post on Instagram

A post shared by Kangkan Rabha (@kangkanrabha)

কংকণে মিলানৰ বিখ্যাত ফেশ্বন হাউচ জেগ্নাৰ হৈ ৰেম্পত খোজ কাঢ়িছিল।

১৯১০ চনত প্ৰতিষ্ঠিত জেগ্নাই পুৰুষৰ পৰিচ্ছদ তৈয়াৰ কৰে, আৰু ই আয়ৰ ফালৰ পৰা পৃথিৱীৰ সৰ্ববৃহৎ পুৰুষ পৰিচ্ছদ ব্ৰেণ্ড।

পেচাদাৰী মডেলিঙৰ উপৰি কংকণে কণ্টেণ্ট ক্ৰিয়েটৰ, ভিজুৱেল আৰ্টিষ্ট, ফট’গ্ৰাফি আৰু স্তাইলিঙৰো কাম কৰে।