NORTHEAST NOW (Assamese)
অসম

দক্ষিণ আফ্ৰিকাত উজলি উঠা অসমৰ কাৰাটে খেলুৱৈক বৰঝাৰত উষ্ম আদৰণি

Posted by: পুলেন্দ্ৰ দাস December 5, 2018 1:40 pm
Assam Karate players

দক্ষিণ আফ্ৰিকাৰ চহৰ ডাৰবানত সদ্য সমাপ্ত নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত পদক জয়েৰে ভাৰতবৰ্ষৰ লগতে অসমক গৌৰৱান্বিত কৰা অসমৰ খেলুৱৈসকলক আজি বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয়।

ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈসকল বিমানেৰে আজি পুৱাৰ ভাগত বৰঝাৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে খেলুৱৈসকলক কাৰাটে এছ’চিয়েশ্যন, পৰিয়ালৰ লোক তথা শুভাকাংক্ষী সকলে আদৰণি জনায়।

উল্লেখ্য যে, “য়ুনাইটেড কাৰাটে এছ’চিয়েশ্যন আসাম”ৰ চিয়ান নগেন বাংজাঙৰ নেতৃত্বত যোৱা অসমৰ খেলুৱৈসকলৰ ভিতৰত নিচাদ আলী, পঞ্চমিতা বৰদলৈ আৰু হেম্ফুৱে সোণৰ পদক লাভ কৰাৰ লগতে এমান গগৈ, মৃন্ময় দেওঘৰীয়া আৰু মুগ্ধ বৰুৱাই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।