NORTHEAST NOW (Assamese)
অসম

বলীউডৰ চলচ্চিত্ৰত অভিনয় কৰিব গুৱাহাটীৰ জীয়ৰী মেধা আইচে

Posted by: এন ই নাও নিউজ December 11, 2018 2:39 pm
gnbth

গুৱাহাটীৰ জীয়ৰী মেধা আইচে বলীউডত খোজ পেলাইছে। মতিচুৰ চাকনাচুৰ নামৰ চলচ্চিত্ৰৰে মেধাই বলীউডত আত্মপ্ৰকাশ কৰিব। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতাৰ ছাত্ৰী মেধাই চলচ্চিত্ৰখনত অভিনেতা নাৱাজুদ্দিন ছিদ্দিকী আৰু আথেয়া ছেট্টীৰ সৈতে অভিনয় কৰিব। উল্লেখ্য যে আথেয়া হৈছে অভিনেতা সুনীল ছেট্টীৰ কন্যা।

জানিব পৰা মতে মোতিচুৰ চাকনাচুৰ হৈছে এখন পৰিয়ালকেন্দ্ৰীক চলচ্চিত্ৰ আৰু এয়া এহাল সামঞ্জস্য-বিহীন দম্পতীৰ কাহিনী। চলচ্চিত্ৰখনৰ অধিকাংশ চিত্ৰগ্ৰহণ ভুপালত কৰা হৈছে আৰু ইয়াৰ শিৰোনামটো আহিছে বিশেষকৈ বিবাহ পৰ্বত পৰিৱেশন কৰা ‘মোতিচুৰ’ নামৰ এবিধ লাড়ুৰ পৰা। এই চলচ্চিত্ৰখনৰ নিৰ্দেশক হৈছে দেবমিত্ৰ হাছান আৰু  প্ৰযোজক ৰাজেশ ভাটীয়া।

মেধা আইচে নেশ্যনেল স্কুল অব ড্ৰামাত অধ্যয়ন কৰিছিল আৰু ২০১৬ চনত তেওঁ মোহন ৰাকেশৰ হিন্দী নাটক ‘আষাঢ় কা এক দিন’ নাটকত অভিনয় কৰিছিল। উল্লেখ্য যে ১৯৫৮ চনত ৰচিত ‘আষাঢ় কা এক দিন’ক প্ৰথম আধুনিক নাটক হিচাপে অভিহিত কৰা হয়।

‘আষাঢ় কা এক দিন’ নাটকত মেধাই মল্লিকাৰ ভূমিকা পালন কৰিছিল। নিজৰ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ত মেধাই বহুকেইটা সাংস্কৃতিক অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।