NORTHEAST NOW (Assamese)

হিমা দাসৰ সৈতে বহু কোটি টকাৰ চুক্তি শীৰ্ষ স্প’ৰ্টছ মেনে’জমেণ্ট ফাৰ্মৰ

August 10, 2018 4:30 pm · এন ই নাও নিউজ
Updated: August 10, 2018 4:36 pm
ফাইল ফটো

দৌৰেৰে দেশজুৰি খলকনিৰ সৃষ্টি কৰা হিমা দাসৰ সৈতে বৃহস্পতিবাৰে বহু কোটি টকাত দুবছৰীয়া এক চুক্তি স্বাক্ষৰিত কৰিছে ইনফিনিটি অপ্টিমেল চলিউশ্যনছ নামৰ এখন স্প’ৰ্টছ মেনে’জমেণ্ট ফাৰ্মে।

হিমাৰ সৈতে চুক্তি কৰা এই ফাৰ্মখনৰ সৈতে দেশৰ আগশাৰীৰ তাৰকা খেলুৱৈ বক্সাৰ মেৰি কম আৰু ৱিজেন্দৰ সিং, ভাৰোত্তোলক মীৰাবাই চানু আৰু পেদলাৰ মনিকা বাত্ৰা আদিও চুক্তিবদ্ধ হৈ আছে।

হিমাৰ সৈতে চুক্তি কৰা ফাৰ্মখনে অৱশ্যে ধনৰাশিৰ সঠিক পৰিমাণটো এতিয়াও ৰাজহুৱা কৰা নাই।

দেশৰ শীৰ্ষ প্ৰতিষ্ঠানটোৰ সৈতে চুক্তি কৰি নিজকে খুব ভাগ্যৱান বুলি অনুভৱ কৰিছে হিমাই। ‘মই বৰ ভাগ্যৱান যে ভাৰতৰ শীৰ্ষ স্প’ৰ্টছ মেনে’জমেণ্ট গ্ৰুপটোৰ সৈতে চুক্তিবদ্ধ হ’ব পাৰিছো। মোৰ ব্যৱসায়িক স্বাৰ্থ চোৱাচিতাৰ বাবে মই পেছাদাৰী গ্ৰুপ এটাৰ সন্ধান কৰিয়ে আছিলো, যিহেতু মই কেৱল প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাতে মনোনিৱেশ কৰিব খোজোঁ,’ সংবাদ মাধ্যমৰ আগত হিমাৰ মন্তব্য।

হিমাক স্বাগতম জনাই কোম্পানিটোৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া নীৰৱ তোমাৰে কয়, ‘হিমাৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু আমি তেওঁৰ পিছফালে থকা গোট হিচাপে তেওঁৰ ভাবমূৰ্তি নিৰ্মাণ আৰু বাণিজ্যিক স্বাৰ্থ চোৱাচিতা কৰিম।’

Related News