NORTHEAST NOW (Assamese)
অসম

শুই থকা যোগান মন্ত্ৰীক জগাবলৈ আছুৱে শিৱসাগৰৰ ৰাজপথত বজালে কাঁহী-বাটি

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 7, 2020 5:29 pm
20201107_154547

মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি সমগ্ৰ ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰত আছুৱে শুই থকা যোগান মন্ত্ৰীক জগাবলৈ কাঁহি-বাতি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আলু পিয়াঁজকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে কাঁহী-বাটি বজায় শিৱসাগৰৰ দ’লমুখ চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

ডিঙিত আছুৰ সদস্যই আলু পিয়াঁজৰ মালা পিন্ধি বিজেপি চৰকাৰ হায় হায়, অপদাৰ্থ যোগান মন্ত্ৰী হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সমীৰণ ফুকনে যোগান মন্ত্ৰী ফনী ভূষণ চৌধৰীক অপদাৰ্থ অকমণ্য মন্ত্ৰী আখ্যা দিয়াৰ লগতে তেওঁৰ পদত্যাগ দাবী কৰে।

চৰকাৰে বিনামূলীয়া চাউল দি ৰাইজক নিৰ্বাচনী টোপ দিলে নহ’ব। বিনামূলীয়া চাউল দি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি বেপাৰীৰ পৰা চৰকাৰে নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰা বুলিও অভিযোগ কৰে তেওঁ। ইয়াৰ উচিত প্ৰত্যুত্তৰ ৰাইজে ২০২১ ৰ নিৰ্বাচনত দিব বুলি সকীয়নি দিয়ে ছাত্ৰ  নেতা গৰাকীয়ে।