NORTHEAST NOW (Assamese)
অসম

পূৰ্বতকৈ অধিক তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক পৰিবহন নিগম

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 18, 2020 9:14 pm

ৰাজ্যত কভিড-১৯ পজিটিভ ধৰা পৰা দুজনকৈ ব্যক্তিয়ে যাতায়াত কৰিছিল অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত। গুৱাহাটীৰ পৰা তেজপুৰৰ মিশ্যন চাৰি আলিলৈ এজন অহাৰ বিপৰীতে আনজন গৈছিল গুৱাহাটীৰ পৰা শিলচৰলৈ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে পূৰ্বতকৈ অধিক তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক পৰিবহন নিগম।

ক’ভিড-১৯ পজিটিভ ধৰা পৰা ব্যক্তি দুজনে অসম ৰাজ্যিক পৰিবহন নিগমৰ গাড়ীত যাত্ৰা কৰা সময়ত কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেই সম্পৰ্কে সকলো তথ্য সংশ্লিষ্ট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক প্ৰদান কৰা হৈছে।

লগতে গাড়ী কেইখনৰ চালকসহ হেণ্ডিমেনকো ৰখা হৈছে কোৱাৰেইনটাইনত। শিলচৰৰ ৰোগীজনে যাতায়ত কৰা বাছখনৰ চালক-হেণ্ডিমেনক গুৱাহাটীৰ পল্টন বজাৰৰ এখন হোটেলত কোৱাৰেন্টাইন কৰা হৈছে।

এই ঘটনাৰ পিছতে অসম ৰাজ্যিক পৰিবহন নিগমে কেনেধৰনৰ ব্যৱস্থা গ্ৰহন কৰিছে এই সম্পৰ্কে জনালে পৰিবহন বিভাগৰ অধক্ষ্য অশোক ভট্টৰায়ে।