NORTHEAST NOW (Assamese)
অসম

অসমৰ পথত চলিব ১,০০০ ইলেকট্ৰিক বাছ : সাজু ৰাজ্যিক পৰিবহন নিগম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2019 8:21 am
electric-bus-1140x570

সকলো ঠিকে ঠাকে থাকিলে চলিত বছৰৰ শেহৰ ভাগলৈ ৰাজ্যখনৰ পথসমূহত ১,০০০খন ইলেকট্ৰিক বাছ চলাচল কৰিব।

অসম ৰাজ্যিক পৰিবহন নিগমে (এ এছ টি চি) হাংগেৰী স্থিত চিছেপেল হল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে ৰাজ্যখনত ইলেকট্ৰিক বাছ চলোৱাৰ ‘অপেক্স’(অপাৰেশ্যনেল এক্সপেনডিশ্বাৰ) আৰ্হিৰ বাবে আলোচনা চলাইছে।

এ এছ টি চিৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে এই সন্দৰ্ভত আলোচনা চূড়ান্ত পৰ্যায়ত আছে আৰু অতি শীঘ্ৰেই এখন চুক্তি স্বাক্ষৰিত কৰা হ’ব।

‘’চিছেপেলে তেওঁলোকৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে অপেক্স আৰ্হিত এই বাছবোৰ লীজত দিয়াৰ বাবে এখন ‘এছপিভি’(স্পেছিয়েল পাৰপ’জ ভেহিক’ল) গঠন কৰিব য’ত এ এছ টি চি হ’ব লেচী,’’-তিৱাৰীৰ উদ্ধৃতিৰে আছাম ট্ৰিবিউনে প্ৰকাশ কৰিছে।

তেওঁ কয় যে ইয়াত কোনো মূলধনী বিনিয়োগ নাই কিয়নো কোম্পানীয়ে বাছবোৰ আগবঢ়াব আৰু আমি সেইবোৰ চলাম।

‘’ইয়াৰ বিনিময়ত মাহিলী হিচাপত এটা পৰিমানৰ ধন দিব লাগিব,’’-তিৱাৰীয়ে কয়।

তেওঁ কয় যে এ এছ টি চিয়ে প্ৰাৰম্ভিকভাৱে এনেধৰণৰ ১,০০০ খন বাছ চলোৱাৰ পৰিকল্পনা কৰিছে যিবোৰ হাংগেৰিয়ান ফাৰ্মখনৰ ভাৰতীয় বিতৰণকাৰীসকলে তিনিটা বিভিন্ন শাখাত পৰ্যায় ক্ৰমে আগবঢ়াব।

তিৱাৰীয়ে জানিবলৈ দিয়ে যে চিছেপেলে বাছসমূহৰ বাবে চাৰ্জিং ষ্টেশ্যনো স্থাপন কৰিব আৰু মেৰামতিৰ কামসমূহ চাব।

তেওঁ লগতে জনায় যে এফ এ এম ই (ফাষ্টাৰ এডপশ্যন এণ্ড মেনুফেকশ্যাৰিং অফ হাইব্ৰীড এণ্ড ইলেকট্ৰিক ভেহিক’লছ) আঁচনিৰ অধীনত ১৫ খন ইলেকট্ৰিক বাছ ক্ৰয় কৰা হৈছে আৰু অহা মাহত মহানগৰীত চলাবলৈ সাজু হৈ আছে।

বাছকেইখন কামাখ্য মন্দিৰ পথত চলোৱা হ’ব।

মহানগৰীত দুটা চাৰ্জিং ষ্টেশ্যনো স্থাপন কৰা হৈছে।

এফ এ এম ই আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰু ১০০খন ইলেকট্ৰিক বাছৰ অনুমোদন দিছে।

ইয়াৰে ৫০খন গুৱাহাটীৰ বাবে আৰু ২৫খন যোৰহাট তথা শিলচৰৰ বাবে দিয়া হ’ব।

এফ এ এম ই আঁচনিৰ লক্ষ্য হৈছে ইলেকট্ৰিক যাতায়তক সুচল কৰি তোলা। বাছৰ ৬০ শতাংশ ধন কেন্দ্ৰই আৰু বাকীখিনি ৰাজ্য চৰকাৰে আগবঢ়াব।